পিতৃৰ লাঠীৰ কোবত প্ৰাণ গ'ল ৪ মহীয়া শিশুৰ...

পিতৃৰ লাঠীৰ কোবত প্ৰাণ গ'ল ৪ মহীয়া শিশুৰ...

ডিজিটেল ডেস্কঃ হাটশিঙিমাৰীত খাৰুৱাবন্ধাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পিতৃৰ হাতত প্ৰাণ গ'ল ৪ মহীয়া শিশুৰ। শুকুৰবাৰে পোহৰলৈ আহিছে এই ঘটনা।

ঘটনাৰ বিৱৰণী অনুসৰি আব্দুল বছিৰ শ্বেখ আৰু তেওঁৰ পত্নীৰ মাজত সঘনাই কাজিয়া হৈছিল। ঘটনাৰ দিনাও তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু কাজিয়া ইমানেই বাঢ়ি যায় যে আব্দুলে পত্নীক প্ৰহাৰ কৰিবলৈ আগবাঢ়ি আহিছিল।

সেই সময়ত ওচৰতে আছিল ৪ মহীয়া শিশুটি। পত্নীক প্ৰহাৰ কৰিবলৈ যাঁওতেই লাঠিৰ কোব লাগি মৃত্যু হয় শিশুটিৰ। এই ঘটনাৰ পাছত আব্দুলে পলায়ন কৰিছিল যদিও আৰক্ষীয়ে আটক কৰে তেওঁক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

পিতৃৰ লাঠীৰ কোবত প্ৰাণ গ'ল ৪ মহীয়া শিশুৰ...
কেনেকৈ মৃত্যু হ'ল মেঘালয়ত কৰ্মৰত অসমৰ যুৱকৰ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in