জি-২০ বৈঠকৰ বাবে সাজু দিল্লীঃ ১ লাখ ৩০ হাজাৰ সেনা নিয়োগ...

জি-২০ বৈঠকৰ বাবে সাজু দিল্লীঃ   ১ লাখ ৩০ হাজাৰ সেনা নিয়োগ...

ডিজিটেল ডেস্কঃ জি-২০ বৈঠকৰ বাবে সাজু হৈছে ৰাজধানী দিল্লী। সন্মিলনলৈ আহিবলগীয়া ৰাষ্ট্ৰপ্ৰধান আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় অতিথিসকলক আদৰণি জনোৱাৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত দিল্লী।

নেকাসকলৰ সুৰক্ষাৰ বাবে বৃহৎ সেনাবাহিনী নিয়োগ কৰা হৈছে। ড্ৰোণ আৰু হেলিকপ্টাৰেৰে বিভিন্ন ঠাইৰ চোৱা চিতা কৰি থকা হৈছে। সুৰক্ষাৰ বাবে বিভিন্ন স্তৰত প্ৰায় ১ লাখ ৩০ হাজাৰ সৈনিক নিয়োগ কৰা হৈছে।

ইতিমধ্যে বহুতো দেশৰ প্ৰতিনিধি দল আহিবলৈ আৰম্ভ কৰিছে। আৰু এই অতিথিসকলক দিল্লীৰ বিভিন্ন পঞ্চতাৰকা হোটেলত ৰখাৰ ব্যৱস্থা কৰা হৈছে। দিল্লীৰ ৰাজপথবোৰ সজাই তোলা হৈছে। সকলোফালে ফুল আঁৰি দিয়া হৈছে।

সন্মিলনৰ সময়ত বিমান বন্দৰত সুৰক্ষা প্ৰদানৰ বাবে বায়ু সেনা উপস্থিত থাকিব। আকাশৰ পৰা যিকোনো ভাবুকিৰ মোকাবিলা কৰিবলৈ অপাৰেচন ডাইৰেকশ্বন চেণ্টাৰ স্থাপন কৰা হৈছে। ইয়াৰ অধীনত চুখোই যুঁজাৰু বিমানলৈ ৰাফেল যুঁজাৰু বিমানকো সাজু কৰি ৰখা হৈছে।

দিল্লীৰ ঐতিহাসিক স্মাৰকসমূহ সজাই তোলা হৈছে। মুঠতে সকলোফালৰ পৰা সজাই পৰাই তোলা হৈছে ৰাজধানী দিল্লী।

উল্লেখ্য যে, জি-২০ সন্মিলন ৯ আৰু ১০ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই সময়চোৱাত বহু ডাঙৰ ডাঙৰ নেতা দিল্লীত থাকিব। ইয়াৰ ভিতৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু অন্যান্য ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰীও দিল্লীতেই থাকিব বুলি জানিব পৰা গৈছে।

জি-২০ বৈঠকৰ বাবে সাজু দিল্লীঃ   ১ লাখ ৩০ হাজাৰ সেনা নিয়োগ...
আৰক্ষীৰ অভিযানৰ সময়তে পলায়ন শুভলক্ষ্মী দত্তৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in