আৰক্ষীৰ অভিযানৰ সময়তে পলায়ন শুভলক্ষ্মী দত্তৰ...

আৰক্ষীৰ অভিযানৰ সময়তে পলায়ন শুভলক্ষ্মী দত্তৰ...

ডিজিটেল ডেস্কঃ এতিয়াও আৰক্ষীয়ে সন্ধান লাভ কৰা নাই শুভলক্ষ্মী দত্তৰ। গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে পলায়ন কৰিছিল মহিলা নিৰ্যাতনৰ অভিযুক্ত শুক্ষলক্ষ্মী দত্ত।

আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল হোৱাৰ পাছতে আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত। প্ৰথম অৱস্থাত হেডকোৱাৰ্টাৰ ক্ল'জ কৰে শুভলক্ষ্মীক। তাৰপাছতে অভিযানা চলাই আৰক্ষীয়ে।

যিটো এপাৰ্টমেন্টৰ পৰা শুভলক্ষ্মী দত্ত পলায়ন কৰিছিল সেই এপাৰ্টমেন্টৰ এটা চিচিটিভি ফুটেজ পোহৰলৈ আহিছে। য'ত স্পষ্টকৈ দেখা পোৱা গৈছে শুভলক্ষ্মীৰ পলায়নৰ দৃশ্য। পলায়নৰ সময়ত উক্ত এপাৰ্টমেন্টতে আৰক্ষীয়ে অভিযানো চলাই আছিল।

আৰক্ষীৰ চকুত ধূলি দি কেনেকৈ পলায়ন কৰিলে এইগৰাকী অভিযুক্তই সেয়া এক ডাঙৰ প্ৰশ্ন। একাংশই দাবী কৰিছে যে কোনো চক্ৰৰ সহায়ত শুভলক্ষ্মীয়ে পলায়ন কৰিছিল। হয়তো কোনো আৰক্ষী বিষয়াই শুভলক্ষ্মীৰ পলায়নত সহায় কৰিছিল।

কেতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব শুভলক্ষ্মীক? এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে।

অভিযোগ অনুসৰি নাজিৰা মহকুমাৰ আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই তেওঁৰ বাসগৃহত বনকৰা মহিলাগৰাকীৰ শৰীৰত গৰমপানী ঢালি অকথ্য নিৰ্যাতন চলাইছিল। বনকৰা মহিলাগৰাকীক গা-ধোৱা ঘৰত ভৰাই শৰীৰত গৰমপানী ঢালি অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে। কেৱল ইমানেই নহয়, কাম কৰা মহিলাগৰাকীৰ গুপ্তাংগতো শুভলক্ষ্মীয়ে সানিছিল জলকীয়া।

মন গ'লেই মহিলাগৰাকীক বেলনা মাৰিৰে কোবাই কোবাই আঘাতপ্ৰাপ্ত কৰিছিল তেওঁ। শুভলক্ষ্মীৰ দৰে তেওঁৰ কন্যাইও বনকৰা মহিলাগৰাকীক ঘুচিয়াই, গুৰিয়াইছিল। ২৬ আগষ্টত গাত উতলা পানী ঢালি দিয়া দেখা পোৱাৰ পাছত একাংশই আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ।

আৰক্ষীৰ অভিযানৰ সময়তে পলায়ন শুভলক্ষ্মী দত্তৰ...
ইণ্ডিয়া-ভাৰত বিষয়ত মন্ত্ৰীসকলক মুখ নুখলিবলৈ আহ্বান মোডীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in