ৰেচন কাৰ্ডৰ পৰা 'ডিজিটেল ড্ৰাইভিং লাইচেন্স'লৈ; কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বুধবাৰে অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট।এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকেৰ

author-image
Asomiya Pratidin
New Update
লোকসেৱা ভৱনত প্রথমখন ৰাজ্যিক কেবিনেট বৈঠক, কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

jayanta malla pressmeet

ডিজিটেল ডেস্কঃ বুধবাৰে অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট।এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকেৰ। কেবিনেটৰ অন্তত মন্ত্রী জয়ন্ত মল্ল বৰুৱাই সদৰী কৰে কেবিনেটৰ সিদ্ধান্তসমূহ। তলত সেয়া সৱিস্তাৰে উল্লেখ কৰা হ'ল-

Advertisment
  • বছৰি ৪ লাখ পৰ্যন্ত আয়ৰ পৰিয়াললৈ ৰেচন কাৰ্ড। পূৰ্বতে ইয়াৰ পৰিমাণ আছিল ২.৫ লাখ টকা।

  • জুলাই মাহৰ শেষৰ ভাগত ৪০ লাখ পৰিয়ালক প্রদান কৰা হ’ব NFSA (ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনি)ৰ কাৰ্ড।

  • জুলাই মাহৰ শেষৰ ফালে এটা দিনতে এই কাৰ্ড প্ৰদান কৰা হ'ব।

  • এতিয়াৰ পৰা আৰ চি আৰু ড্ৰাইভিং লাইচেন্স ডিজিটেলত লাভ কৰিব।

  • প্রয়োজন নহয় পঞ্জীয়ন নথিৰ ‘হাৰ্ড কপি’।

  • এতিয়াৰ পৰা সকলোৱে পাব ‘ডিজিটেল কাৰ্ড’।

  • GAD স্থানান্তৰ নীতি অনুমোদন কৰে আজিৰ কেবিনেটে।

  • আদিবাসী সমাজ কল্যাণ-উন্নয়ন পৰিষদ গঠনৰ ক্ষেত্রত অনুমোদন।

  • দুলু চাহ বাগিচাৰ পৰা উচ্ছেদি পৰিয়াললৈ আৰ্থিক অনুদান।

  • ১৭৩টা পৰিয়াললৈ ঘৰ নিৰ্মাণৰ বাবে ২.৫০ লাখ টকাকৈ আবণ্টন।

  • বাগিচাখনৰ অস্থায়ী শ্রমিকে লাভ কৰিব ১ লাখকৈ এককালীন সাহায্য।

  • বাগিচাখনৰ ১,৪৯৬ চাহ শ্রমিকে লাভ কৰিব এই সাহায্য।

  • অৱসৰকালীন ভাট্টা বিধেয়ক সংশোধনীৰো অনুমোদন কেবিনেটত।

ASSAM CABINET