ডিজিটেল ডেস্কঃ দিল্লী আৰক্ষীয়ে এনে এটা দলক গ্ৰেপ্তাৰ কৰিছে যিয়ে ভুৱা চিকিৎসকৰ দ্বাৰা অস্ত্ৰোপচাৰ কৰে। এই সন্দৰ্ভত বৃহস্পতিবাৰে দিল্লী আৰক্ষীয়ে ৪ জনকৈ লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা ৪ জন ক্ৰমে- ডাঃ নীৰজ আগৰৱালা, তেওঁৰ পত্নী পূজা আৰু শৈল্য চিকিৎসক ডাঃ জছপ্ৰীত সিং।
আৰক্ষীৰ মতে এই লোকসকলে কৈলাশ অঞ্চলৰ আগৰৱালা চিকিৎসা কেন্দ্ৰৰ নামত এখন নাৰ্চিং হোম চলাই আছিল।
আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি গ্ৰেপ্তাৰ হোৱা লোকসকলে ২০২২ চনত চিকিৎসাৰ বাবে ভৰ্তি হোৱা অছগৰ আলীৰ অস্ত্ৰোপচাৰ কৰিছিল। প্ৰথমে ৰোগীক কোৱা হৈছিল অস্ত্ৰোপচাৰ শল্য চিকিৎসক ডাঃ জছপ্ৰীতে কৰিব। কিন্তু অস্ত্ৰোপচাৰ ডাঃ নীৰজৰ পত্নী পূজা আৰু মহেন্দ্ৰ নামৰ এজন টেকনিচিয়ানে কৰিছিল। যাৰ বাবে মৃত্যু হৈছিল ৰোগীৰ।
ইয়াৰ পাছত মেডিকেল কাউন্সিলে গোচৰটোৰ তদন্ত কৰি আছিল। মৰণোত্তৰ পৰীক্ষাৰ পাছত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি এই ৪ জনক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত সোধা-পোছা কৰি আছে। জানিব পৰা মতে তেওঁলোক ভুৱা চিকিৎসকৰ দ্বাৰা বহু ৰোগীৰ অস্ত্ৰোপচাৰ কৰিছিল।