চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব : দিনৰ ১১-০০বজালৈকে হোৱা ভোটদানৰ হাৰ...

চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব : দিনৰ ১১-০০বজালৈকে হোৱা ভোটদানৰ হাৰ...

author-image
Asomiya Pratidin
New Update
নাগালেণ্ডত কাইলৈ পুনৰ হ'ব ভোট গ্ৰহণ...

প্ৰতীকি ফটো

ডিজিটেল ডেস্ক : দেশৰ ৯খন ৰাজ্য আৰু ১খন কেন্দ্ৰীয় শাসিত অঞ্চলত সোমবাৰে অনুষ্ঠিত হৈছে চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব। এই সন্দৰ্ভত নিৰ্বাচন আয়োগে দিনৰ ১১-০০বজালৈকে সম্পন্ন হোৱা ভোটদানৰ সবিশেষ তথ্য প্ৰকাশ কৰিছে।

আয়োগে ৰাজহুৱা কৰা তথ্য অনুসৰি এইপৰ্যন্ত মুঠ ১০খন ৰাজ্যত ২৪.৮৭ শতাংশ ভোটদান সম্পন্ন হৈছে। দিনৰ ১১-০০বজালৈকে অন্ধ্ৰপ্ৰদেশত ২৩.১০ শতাংশ ভোটদান সম্পন্ন হৈছে।

একেদৰে বিহাৰত ২২.৫৪শতাংশ, জম্মু-কাশ্মীৰত ১৪.৯৪ শতাংশ ভোটদান সম্পন্ন হৈছে। একেদৰে ঝাৰখণ্ডত ২৭.৪০শতাংশ, মধ্যপ্ৰদেশত ৩২.৩৮ শতাংশ। ইয়াৰোপৰি মহাৰাষ্ট্ৰত ১৭.৫১শতাংশ, উৰিষ্যাত ২৩.২৮ শতাংশ ভোটদান সম্পন্ন হৈছে।

আয়োগে প্ৰকাশ কৰা তথ্যমতে তেলেংগানাত ২৪.৩১ শতাংশ ভোটদান সম্পন্ন হৈছে। তদুপৰি উত্তৰপ্ৰদেশ আৰু পশ্চিমবংগত ক্ৰমে ২৭.১২ আৰু ৩২.৭৮ শতাংশ ভোটদান সম্পন্ন হৈছে।

Also Read: ড০ হীৰেণ গোহাঁইক প্ৰদান কৰা হ'ব 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা'

LOKSABHA 2024 election2024