ড০ হীৰেণ গোহাঁইক প্ৰদান কৰা হ'ব 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা'

ড০ হীৰেণ গোহাঁইক প্ৰদান কৰা হ'ব 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা'

author-image
Asomiya Pratidin
New Update
ড০ হীৰেণ গোহাঁইক প্ৰদান কৰা হ'ব 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা'

ডিজিটেল ডেস্ক : নিৰ্ভীক সাংবাদিক 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা' ঘোষণা কৰা হৈছে। 'পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চ'ই সোমবাৰে ঘোষণা কৰিছে শীৰ্ষক বঁটাপ্ৰাপকৰ নাম।

Advertisment

সংস্থাটিয়ে ঘোষণা কৰা মতে এই বৰ্ষৰ 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা'ৰ বাবে বিশিষ্ট চিন্তাবিদ- বুদ্ধিজীৱী তথা বৰ্ষীয়ান সাংবাদিক ড০ হীৰেণ গোহাঁইৰ নাম ঘোষণা কৰে। বিশিষ্ট চিন্তাবিদ ড০ গোহাঁইলৈ আগবঢ়োৱা হ'ব শীৰ্ষক বঁটা।

শীৰ্ষ বঁটাটি ড০ হীৰেণ গোহাঁইক প্ৰদান কৰিব কুলদা কুমাৰ ভট্টাচাৰ্যই। অহা ১৭ মে'ত অনুষ্ঠিত হ'ব বঁটা প্ৰদান অনুষ্ঠান। বঁটাটিত আছে ২৫ হাজাৰ টকা আৰু মানপত্ৰ।

Also Read: বিয়লি গুৱাহাটী আহি পাব ৰাজস্থান ৰয়েলছ দল...

DR HIREN GOHAIN parag kumar das