পুনৰ নিৰাপত্তাৰক্ষী-মাওবাদীৰে সংঘৰ্ষঃ ৪ জন নিহতৰ খবৰ...

ছত্তিশগড়ৰ মাওবাদী অধ্যুষিত নাৰায়ণপুৰত এই সংঘৰ্ষ

author-image
Asomiya Pratidin
New Update
পুনৰ নিৰাপত্তাৰক্ষী-মাওবাদীৰে সংঘৰ্ষঃ ৪ জন নিহতৰ খবৰ...

প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল ডেস্কঃ পুনৰ ছত্তিশগড়ত আৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষ। ৰাজ্যখনৰ মাওবাদী অধ্যুষিত জিলা নাৰায়ণপুৰত সংঘটিত এই সংঘৰ্ষত ৪ টাকৈ মাওবাদী নিহত হোৱাৰ খবৰ।

Advertisment

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি নাৰায়াণপুৰৰ মাধ অঞ্চলত নিৰাপত্তা বাহিনী কেইবাটাও বিভাগত বিভক্ত হৈ মাওবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল। এই অভিযানতে সৃষ্টি হোৱা একনাউণ্টাৰত ৪ টাকৈ দুধৰ্ষ মাওবাদী নিহত হৈছে। বৰ্তমানেও এই অঞ্চলত মাওবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে।

আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি নিহত মাওবাদীৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ আশংকা আছে। কিয়নো কেইবাটাও মাওবাদী আহত হোৱাৰ প্ৰমাণ লাভ কৰিছে তেওঁলোকে। অভিযান সম্পূৰ্ণ হোৱাৰ পাছতহে সবিশেষ তথ্য প্ৰকাশ কৰিব পৰা যাব।

উল্লেখ্য যে, চলিত এপ্ৰিল মাহৰ ১৬ তাৰিখে নাৰায়ণপুৰৰ কাষৰীয়া জিলা কাংকেৰ জিলাৰ কালপাৰ আৰু হিদুৰ বনাঞ্চলত হোৱা এক সংৰ্ষত ২৯ জনকৈ মাওবাদী নিহত হোৱা বুলি দাবী কৰিছিল আৰক্ষীয়ে।ইয়াৰ পূৰ্বে আন এক অভিযানত ১৩ টাকৈ মাওবাদী নিহত হোৱাৰো দাবী কৰিছিল। নিৰাপত্তাৰক্ষীৰ দাবী, চলিত বছৰৰ জানুৱাৰী মাহৰ পৰা এই পৰ্যন্ত বিভিন্ন অভিযান আৰু সংঘৰ্ষত ৮০ জনৰো অধিক মাওবাদী নিহত হৈছে।

Also Read: আমেঠি, ৰায়বেৰলীত প্ৰতিদ্বন্দিতা কৰিবলৈ সাহস নাই ৰাহুল, প্ৰিয়ংকাৰ !

ছত্তিশগড়