/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/bf422969-6a73-400c-8df0-c6fc02ec77b3/amit_30.jpg)
আমেঠি, ৰায়বেৰলীত প্ৰতিদ্বন্দিতা কৰিবলৈ সাহস নাই ৰাহুল, প্ৰিয়ংকাৰ !
ডিজিটেল ডেস্কঃ ৩ মে’ত মনোননয়ন দাখিলৰ অন্তিম তাৰিখ, অথচ এতিয়াও বহু চৰ্চিত আমেঠি আৰু ৰায়বেৰলীত কংগ্ৰেছে ঘোষণা কৰা নাই তেওঁলোকৰ প্ৰাৰ্থীৰ নাম। এই দুয়োটা সমষ্টিয়েই কংগ্ৰেছৰ দূৰ্গ হিচাপে পৰিচিত আছিল যদিও আমেঠি সমষ্টি ২০১৯ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ হাতৰ পৰা বিজেপিৰ দখললৈ যায়।
এনে পৰিস্থিতিত এতিয়া চৰ্চা চলিছে এই দুই সমষ্টিত কংগ্ৰেছে দলৰ দুই নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীকেই প্ৰক্ষেপ কৰিব। কিন্তু দুয়োটা সমষ্টিতে গান্ধী পৰিয়ালৰ দুই উত্তৰাধিকাৰীয়ে প্ৰতিদ্বন্দিতা কৰিবলৈ সাহস কৰিব নে নাই তাক লৈ সন্দেহ ব্যক্ত কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। শ্বাহে বিশ্বাস নকৰে ৰাহুল, প্ৰিয়ংকাই এই দুই সমষ্টিত প্ৰতিদ্বন্দিতা কৰিবলৈ সাহস কৰিব বুলি।
মঙ্গলবাৰে গুৱাহাটীত এক সংবাদ মেল সম্বোধন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীৰ সন্দৰ্ভত কেতবোৰ তীক্ষ্ণ মন্তব্য কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে সংবাদ মেলত কয়, মই নাজানোঁ মিডিয়াই যি দেখুৱাইছে সেয়া সত্য হয় নে নহয়। তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নে নাই মই সেয়াও নাজানোঁ।
শ্বাহে কয়, তেওঁলোকৰ এনে বিভ্ৰান্তিয়েই দেখুৱাই তেওঁলোকৰ আত্মবিশ্বাস নাই। উত্তৰ প্ৰদেশত আজি যেনেকুৱা পৰিস্থিতিৰ সূচনা হৈছে, তেওঁলোকে নিজৰ পৰম্পৰাগত আসন এৰি পলাইছে। মই বিশ্বাস নকৰোঁ যে তেওঁলোকে যুঁজিবলৈ সাহস কৰিব।
মন কৰিবলগীয়া যে, উত্তৰ প্ৰদেশৰ আমেঠি আৰু ৰায়বেৰলী লোকসভা সমষ্টিত ৩ মে’ত মনোনয়ন দাখিলৰ অন্তিম দিন। ইয়াৰে আমেঠি সমষ্টিত বিজেপিয়ে প্ৰক্ষেপ কৰিছে সমষ্টিটোৰ বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক।
ৰায়বেৰলীৰ সাংসদ ছোনিয়া গান্ধীয়ে এইবাৰ সমষ্টিটোত প্ৰতিদ্বন্দিতাৰ পৰা বিৰত আছে। তেওঁ লোকসভা এৰি ইতিমধ্যে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে। এই সমষ্টিটোৰ বাবে বিজেপিয়েও ঘোষণা কৰা নাই প্ৰাৰ্থী।
ৰায়বেৰলী আৰু আমেঠিৰ ২০০৪ ৰ পৰা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিছে। ২০১৯ ত আমেঠিত অৱশ্যে ৰাহুল গান্ধী পৰাস্ত হৈছিল। সেইবাৰ তেওঁ কেৰালাৰ ৱাইনাড লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ সংসদলৈ গৈছিল। এইবাৰো তেওঁ এই সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছে।
गांधी परिवार में चुनाव लड़ने की हिम्मत नहीं है, इसलिए अमेठी और रायबरेली जैसी परम्परागत सीट को छोड़कर भाग गए। pic.twitter.com/s6cxvs6s6g
— Amit Shah (Modi Ka Parivar) (@AmitShah) April 30, 2024
Also Read: নিৰ্বাচনী বিধি উলংঘাঃ নিৰ্বাচন আয়োগক উত্তৰ দিবলৈ BJPক লাগে অতিৰিক্ত ৭ দিন, কংগ্ৰেছক লাগে ১৪ দিন...