মহাৰাষ্ট্ৰৰ থানেত বিধ্বংসী অগ্নিকাণ্ড : ৪জন নিহত

মহাৰাষ্ট্ৰৰ থানেত বিধ্বংসী অগ্নিকাণ্ড : ৪জন নিহত

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ থানেত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই ঘটনাৰ ফলত ৪গৰাকী লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। লগতে ৬গৰাকী শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

জানিব পৰা মতে বৃহস্পতিবাৰে থানে জিলাৰ ডাম্বিভলীৰ এটি কাৰখানাত বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ফলত কাৰখানাটোত কৰ্মৰত ৬গৰাকী শ্ৰমিক আহত হয়। অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে অগ্নিকাণ্ডৰ ফলত ৬গৰাকী শ্ৰমিকৰ উপৰি প্ৰায় ৩০গৰাকী অন্য লোক আহত হোৱাৰ কথা জানিব পৰা গৈছে। ইতিমধ্যে জিলা প্ৰশাসনৰ নিৰ্দেশত আহতসকলক হাস্পতাললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।

ইফালে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ চেষ্টা চলাই থকাৰ কথা জানিব পৰা গৈছে।

মহাৰাষ্ট্ৰৰ থানেত বিধ্বংসী অগ্নিকাণ্ড : ৪জন নিহত
১৬ বছৰীয়া বৰ্ণিল অভিজ্ঞতা বুকুত বান্ধি আই পি এলক বিদায় দীনেশ কাৰ্তিকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in