/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/333b76b2-d8b7-40fb-92f7-06ce73bd1d27/286.jpg)
ডিজিটেল ডেস্ক : বৰ্ণময় ক্ৰিকেট জীৱনৰ ১৬টাকৈ বছৰ আই পি এলৰ নামত উৎসৰ্গা কৰি ফিনিচাৰ দীনেশ কাৰ্তিকৰ অৱসৰ ঘোষণা। আই পি এলৰ উদ্বোধনী বৰ্ষ অৰ্থাৎ ২০০৮ চনৰ পৰাই একেৰাহে ১৬টা বছৰ আই পি এলৰ মেচ খেলি বুধবাৰে উইকেটৰক্ষক বেটাৰগৰাকীয়ে অৱসৰৰ কথা ৰাজহুৱা কৰে।
চলিত আই পি এলৰ এলিমেনিটৰ মেচত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু পৰাস্ত হোৱাৰ পাছতে দীনেশ কাৰ্তিকে পিন্ধি থকা গ্ল'ভচ খুলি অৱসৰৰ কথা ৰাজহুৱা কৰে। লগে লগে ষ্টেডিয়ামত উভয় দলে তাৰকা ক্ৰিকেটাৰগৰাকীক অভিবাদন জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/148fcd6a-db0f-4196-95e0-c5babd2532d7/dinesh-karthik-rr-vs-rcb-ipl-2024-eliminator-1-sportzpics-feature-2024-05-e53bef9b2532f6e618c726b57120b326.webp)
ইয়াৰ পাছতে সতীৰ্থ বিৰাট কোহলিয়ে আবেগিক হৈ সাবটি ধৰে দীনেশ কাৰ্তিকক। লগে লগে বিৰাট কোহলিয়ে ষ্টেডিয়ামত বহি থকা দৰ্শকসকলক প্ৰতি অভিবাদন জনাবলৈ অনুৰোধ জনায়। সেই সময়ত দীনেশ কাৰ্তিকো আবেগিক হৈ পৰা পৰিলক্ষিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/830e09d2-4c8d-4883-9310-1c9654271f46/49f5e-17164049665548-1920.avif)
দৰ্শক তথা সতীৰ্থসকলৰ অভিবাদন গ্ৰহণ কৰি সেমেকা দুনয়নেৰে দীনেশ কাৰ্তিক ড্ৰেচিং ৰূম অভিমুখে ৰাওনা হয়। লগে লগে ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ খেলুৱৈসকলে 'গাৰ্ড অৱ অনাৰ' সন্মান দি কাৰ্তিকক ড্ৰেচিং ৰূমৰ দিশে আগবঢ়াই নিয়ে। কাৰ্যতঃ অন্ত পৰিল এটি বৰ্ণিল ক্ৰিকেটীয় অধ্যায়ৰ !
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে এই বৰ্ণময় ক্ৰিকেট জীৱনত দীনেশ কাৰ্তিকে আই পি এলৰ ৬টাকৈ দলক প্ৰতিনিধিত্ব কৰিছিল। ২০০৮ চনত দিল্লী ডেয়াৰডেভিলছৰ (দিল্লী কেপিটেলছ) হৈ আই পি এলত অভিষেক ঘটিছিল কাৰ্তিকৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/3fb53221-b05d-4b0a-88f1-af69aa975b3e/images.jpg)
ইয়াৰ পিচত তেঁঁও পাঞ্জাৱ কিংছ একাদশ( পাঞ্জাৱ কিংছ), কলকাতা নাইট ৰাইডাৰ্ছ, মুম্বাই ইণ্ডিয়ানছ, গুজৰাট লাইন্স আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক প্ৰতিনিধিত্ব কৰি বহু গুৰুত্বপূৰ্ণ মেচ জিকোৱাত অনবদ্য ভূমিকা পালন কৰিছিল।
এই ১৬ বছৰীয়া আই পি এল কেৰিয়াৰত তেঁঁও ২৫৭খন মেচ খেলি সংগ্ৰহ কৰিছে ৪,৮৪২ ৰান। ইয়াৰোপৰি তেঁওৰ নামত আছে ২২টা অৰ্ধশতকীয় ইনিংছ।
Also Read: ধুবুৰীৰ প্ৰাৰ্থী শুকুৰ আলীক হাস্পতালত ভৰ্তি