
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ পিছত এইবাৰ ৰাজ্যপাল, এইবাৰ চিবিআইয়ে মাতিলে প্ৰাক্তন ৰাজ্যপালক । অৱশ্যে দিল্লীৰ নহ’য় জন্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিককহে সোধ-পোছৰ বাবে চমন জাৰি কৰিছে কেন্দ্ৰীয় অনুসন্ধান সংস্থাটোৱে ।
২৮ এপ্ৰিলত ৰিলায়েন্স জেনেৰেল ইঞ্চিউৰেন্সৰ দ্বাৰা হোৱা দুৰ্নীতিৰ গোচৰৰ সাক্ষী হিচাপে সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে দেশৰ তদন্তকাৰী সংস্থাটোৱে ।
মালিকে সংবাদ সংস্থাক জনোৱা অনুসৰি চিবিআইয়ে "কিছুমান স্পষ্টীকৰণ"ৰ বাবে আকবৰ ৰোডস্থিত অতিথিশালালৈ প্ৰাক্তন ৰাজ্যপালগৰাকীক নিৰ্দেশ প্ৰদান কৰিছে বুলি জনাইছে ।
লগতে তেওঁ কয় যে চিবিআইয়ে মোক মাতি পঠিয়াইছে । মই বৰ্তমান ৰাজস্থানলৈ গৈ আছো গতিকে মই চিবিআইক সোধা পোছাৰ বাবে ২৭ ৰ পৰা ২৯ এপ্ৰিললৈ সময় দিছো ।
উল্লেখ্য যে ২০১৮ চনত সত্যপাল জন্মু-কাশ্মীৰৰ ৰাজ্যপাল হৈ থাকোতে উদ্যোগপতি অনিল আম্বানীৰ মালিকানাধীন কোম্পানীয়ে এটি চুক্তিৰ বাতিল কৰিছিল ।
লগতে প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে চুক্তিখনত চিকিৎসা বীমা আঁচনিক প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছিল । এই অভিযোগৰ পিছতেই চিবিআইৰ দ্বাৰা তদন্ত আৰম্ভ হৈছিল ।
জন্ম আৰু কাশ্মীৰৰ প্ৰায় ৩.৫ লাখ চৰকাৰী কৰ্মচাৰীক কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে চিকিৎসা বীমা সামৰি লোৱা আঁচনিখনে ২০১৮ চনৰ ছেপ্টেম্বৰত আৰম্ভ হৈছিল ।
আৰু এই আঁচনিখন ৰাজ্যপালগৰাকীয়ে এমাহৰ ভিতৰত বাতিল কৰিছিল । শেহতীয়াকৈ এই বিষয়লৈ চিবিআইয়ে সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে প্ৰাক্তন ৰাজ্যপাল মালিকক ।