এইসমূহ উপায়ৰে আপুনিও হওক অপৰূপ সৌন্দৰ্যৰ গৰাকী

ঘৰুৱা সামগ্ৰীৰেই ছাল-চুলিৰ যত্ন লয় বলীউডৰ এইগৰাকী আগশাৰীৰ অভিনেত্ৰীয়ে।আজি কেটৰিনাৰ সৌন্দৰ্য চৰ্চাৰ বিষয়ে সৱিশেষ জানো আহক-

author-image
Asomiya Pratidin
New Update
এইসমূহ উপায়ৰে আপুনিও হওক অপৰূপ সৌন্দৰ্যৰ গৰাকী

ডিজিটেল ডেস্ক: কেটৰিনা কাইফ, অতুলনীয় সৌন্দৰ্যৰ অধিকাৰী এইগৰাকী অভিনেত্ৰীৰ ৰূপত বলীয়া দেশ-বিদেশৰ অগনন অনুৰাগী।বহু অনুৰাগীয়ে কেটৰিনাৰ সৌন্দৰ্যৰ ৰহস্য জানিবলৈ অতি উৎসুক হৈ থাকে।পিছে, আপুনি -মই ভবাৰ দৰে কেটৰিনাই বজাৰত উপলব্ধ নামী-দামী প্ৰসাধন ব্যৱহাৰ নকৰে।হয়, ঘৰুৱা সামগ্ৰীৰেই ছাল-চুলিৰ যত্ন লয় বলীউডৰ এইগৰাকী আগশাৰীৰ অভিনেত্ৰীয়ে।আজি কেটৰিনাৰ সৌন্দৰ্য চৰ্চাৰ বিষয়ে সৱিশেষ জানো আহক-

Advertisment

শেহতীয়া এক সাক্ষাৎকাৰত কেটৰিনাই তেওঁৰ সৌন্দৰ্যচৰ্চাৰ টিপছসমূহ অনুৰাগীৰ বাবে ৰাজহুৱা কৰিছে। তেওঁ কয়, ‘নিয়মীয়াকৈ ব্যায়াম কৰা, সঠিকভাৱে খোৱা আৰু স্বাস্থ্যকৰ জীৱনশৈলীয়েই হৈছে মোৰ সৌন্দৰ্যৰ ৰহস্য।’ তদুপৰি, এইগৰাকী অভিনেত্ৰীগৰাকীয়ে ছালখনৰ অতিৰিক্ত যত্নৰ বাবে এটা বিশেষ ফেচ পেক প্ৰয়োগ কৰে।সেয়া হৈছে ওটচ আৰু মৌৰ ফেচ পেক, যিয়ে ছালখনক অস্বাভাৱিকভাৱে উজ্জ্বল কৰি তোলাত সহায় কৰে।

ওটচ-মৌৰ ফেচ পেক কিদৰে তৈয়াৰ কৰিব ?

এই ফেচ পেকটো তৈয়াৰ কৰিবৰ বাবে এক টেবল চামুচ ওটচ পাউডাৰ আৰু এই পাউডাৰৰ ‘পেষ্ট’ বনাবলৈ দৰকাৰ হোৱা মৌৰ প্ৰয়োজন।মুখখন ভালদৰে ধুই এই দুই সামগ্ৰীৰে তৈয়াৰ কৰা ‘পেষ্ট’ মুখত ভালদৰে প্ৰয়োগ কৰিব। যেতিয়া ই শুকাবলৈ আৰম্ভ কৰে, মুখখন ভালদৰে ধুই পেলাব।

বৰফৰ পানী

মুখৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে কেটৰিনাই বৰফৰ পানীও ব্যৱহাৰ কৰে। ইয়াৰ বাবে আপুনি এটা বাটিত বৰফৰ পানী লৈ ২-৩ মিনিট মুখখন এই বাতিত তিয়াই ৰাখক।ৰাতিপুৱা শোৱাৰ পৰা উঠি এনে কৰিলে সোনকালে ভাল ফল লাভ কৰিব।

প্ৰতিদিনে ব্যায়াম

অভিনেত্ৰীগৰাকীয়ে কেতিয়াও তেওঁৰ ব্যায়াম বাদ নিদিয়ে।প্ৰতিদিনে ব্যায়াম কৰিলে কোলাজেন উৎপাদন বৃদ্ধি কৰে আৰু ছালখন উজ্জ্বল কৰে।

মুখৰ ব্যায়াম

কেটৰিনায়ে সময়ে সময়ে মুখমণ্ডলৰ ব্যায়াম কৰে।নিয়মিতভাৱে মুখৰ ব্যায়াম কৰিলে ই মুখৰ পৰা সূক্ষ্ম ৰেখা হ্ৰাস কৰে আৰু পেশী শক্তিশালী কৰে।

মেকআপ হ্ৰাস

কেটৰিনায়ে কেৱল শ্বুটিঙৰ সময়তহে মেকআপ কৰে।মেকআপত থকা ৰাসায়নিক পদাৰ্থই ছালখনৰ উজ্জলতা হ্ৰাস কৰাৰ লগতে নানান সমস্যাৰ সৃষ্টি কৰে।সেয়েহে পৰাপক্ষত আপুনিও কম মেকআপ ব্যৱহাৰ কৰিব।

Also Read: ছালৰ যত্নত কিদৰে পনীৰ ব্যৱহাৰ কৰিব, জানি লওক