বিজেপিত যোগদান প্ৰাক্তন কংগ্ৰেছ বিধায়কৰ...

নিৰ্বাচন আহিলে বহু নেতাই দল সলনি কৰা দেখা যায়। এইবাৰ পুনৰ কংগ্ৰেছৰ এগৰাকী প্ৰাক্তন বিধায়কে এৰিলে দল আৰু যোগদান কৰিলে বিজেপিত।

author-image
Asomiya Pratidin
New Update
যুৱ-প্ৰজন্মৰ সুন্দৰ ভৱিষ্যতৰ বাবে বিজেপিয়ে কৰিব সজাগতা সৃষ্টি...

ডিজিটেল ডেস্কঃ নিৰ্বাচন আহিলে বহু নেতাই দল সলনি কৰা দেখা যায়। এইবাৰ পুনৰ কংগ্ৰেছৰ এগৰাকী প্ৰাক্তন বিধায়কে এৰিলে দল আৰু যোগদান কৰিলে বিজেপিত।

Advertisment

কৰ্ণাটকৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক নন্দীহাল্লি হালাপ্পা আৰু প্ৰখ্যাত চকু বিশেষজ্ঞ ড০ আপ্পাজী গৌড়াই মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। গৌড়াই কনকাপুৰ সমষ্টিৰ পৰা টিকটৰ আশা কৰিছে।

বিজেপিয়ে তেওঁলোকক উষ্ম আদৰণি জনাইছে। বিজেপি নেতাই কয় যে প্ৰাক্তন বিধায়ক গৰাকীৰ আগমনৰ লগে লগে দলটোৱে নৱগঠিত বিজয়নগৰ জিলাত শক্তিশালী সমৰ্থন লাভ কৰিছে। তেওঁলোকৰ যোগদানৰ দ্বাৰা দলটো লাভান্বিত হ'ব বুলি কয়।

উল্লেখ্য যে, কৰ্ণাটক বিধানসভা নিৰ্বাচন সমাগত। ১০ মে'ত ভোটগ্ৰহণ আৰু ১৩ মে'ত হ'ব ভোটগণনা।

Also Read: সম্পৰ্ক বিচ্ছেদ! প্ৰেমিকাৰ গাঁৱত প্ৰেমিকে ল'লে চিপজৰী...