সম্পৰ্ক বিচ্ছেদ! প্ৰেমিকাৰ গাঁৱত প্ৰেমিকে ল'লে চিপজৰী...

প্ৰেমিকাৰ সৈতে বিচ্ছেদ হোৱাৰ দুখত প্ৰেমিকাৰ গাঁৱত আহি গছত আৰনাইৰে চিপজৰী লৈ আত্মহত্যা কৰিলে প্ৰেমিকে

author-image
Asomiya Pratidin
New Update
সম্পৰ্ক বিচ্ছেদ! প্ৰেমিকাৰ গাঁৱত প্ৰেমিকে ল'লে চিপজৰী...

ডিজিটেল সংবাদ, চিৰাং : প্ৰেমিকাৰ সৈতে বিচ্ছেদ হোৱাৰ দুখত প্ৰেমিকাৰ গাঁৱত আহি গছত আৰনাইৰে চিপজৰী লৈ আত্মহত্যা কৰিলে প্ৰেমিকে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ চিদলী থানাৰ গৰুভাষা আৰক্ষী চকীৰ অন্তৰ্গত ছামঠাইবাৰীত।

Advertisment

আত্মহত্যা কৰা প্ৰেমিক জনক গৰুভাষাৰ লাহটি থাইগিৰগুৰী গাঁৱৰ দাংছৌৰাং মুছাহাৰী (২৫) বুলি চিনাক্ত কৰা হৈছে ।গৰুভাষা আৰক্ষী চকীৰ বাহন চালক দাংছৌৰাং মুছাহাৰীয়ে সোমবাৰে নিশা কৰ্তব্য সামৰি নিজৰ কোঠালিত গুচি গৈছিল। কিন্তু মঙলবাৰে পুৱাৰ ভাগত ছামঠাইবাৰী-প্ৰেতগাঁৱত দাংছৌৰাং মুছাহাৰীৰ মৃতদেহ চিপজৰী লৈ থকা অৱস্থাত থকাৰ খবৰ লাভ কৰি গৰুভাষা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰি মৃতদেহৰ পকেটৰ পৰা এটা মোবাইল ফোন উদ্ধাৰ কৰে ।

লক্ষ্যনীয় বিষয় যে সেই মুহূৰ্তত দাংছৌৰাং মুছাহাৰীৰ মোবাইল ফোনত হোৱাটচ্এপত প্ৰেমিকাৰ ফটো সহ দুখ ভৰা এটা বিশেষ মেছেজ চলন্ত অৱস্থাত আছিল ।আৰক্ষীৰ সুত্ৰই জানিবলৈ দিয়া মতে এমাহ আগতে দাংছৌৰাঙৰ সৈতে তেওঁৰ প্ৰেমিকাৰ প্ৰেম বিচ্ছেদ ঘটিছিল। যাৰ কাৰণে তেওঁ কিছুদিন ধৰি মানসিক অৱসাদত ভুগি আছিল বুলি সতীৰ্থ আৰক্ষীৰ জোৱান সকলে সদৰি কৰে ।

কিন্তু দাংছৌৰাং মুছাহাৰীয়ে এনেধৰনৰ এটা কঠিন সিদ্ধান্ত গ্ৰহণ সেয়া কোনেও ভাবিব পৰা নাছিল । প্ৰাথমিক তদন্তত যদিও এয়া আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰা হৈছে কিন্তু প্ৰকৃততে এয়া আত্মহত্যা নে অইন কিবা সেয়া মৰণোত্তৰ পৰীক্ষাৰ অন্তত জনা যাব বুলি আৰক্ষীৰ ফালৰ পৰা সদৰি কৰা হৈছে ।

আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাৱে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।প্ৰেমিকাৰ গাঁৱত আহি প্ৰেমিকৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি এলেকাত তীব্ৰ চাঞ্চল্য বিৰাজ কৰে ।

Also Read: কামাখ্যা দেৱীক সন্তুষ্ট কৰিবলৈ নৰবলি! মাজনিশা শ্মশানত পূজা আৰু...

chirang