৫দিনৰ বাবে ইডিৰ জিম্মাত প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণ

জিম্মা লাভৰ পিছতে তেওঁক বিৰচা মুণ্ডা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা নিৰাপত্তা বেষ্টনীৰ মাজাৰে ই ডিৰ কাৰ্যালয়লৈ নিয়া হ'ব
৫দিনৰ বাবে ইডিৰ জিম্মাত প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণ

ডিজিটেল ডেস্ক : আৰু ৫দিনৰ বাবে ই ডিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণক। শুকুৰবাৰে বিশেষ আদালতে তেওঁক ৫দিনৰ বাবে ই ডিৰ জিম্মালৈ প্ৰেৰণ কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী সন্মুখীন হ'ব লাগিব মাৰথান জেৰাৰ।

ইতিমধ্যে হেমন্ত ছোৰেণক জেৰা চলোৱাৰ প্ৰাক-মুহূৰ্তত ই ডিৰ কাৰ্যালয়ৰ চৌপাশে বিশেষ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। জিম্মা লাভৰ পিছতে তেওঁক বিৰচা মুণ্ডা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা নিৰাপত্তা বেষ্টনীৰ মাজাৰে ই ডিৰ কাৰ্যালয়লৈ নিয়া হ'ব।

উল্লেখ্য যে ভূমি কেলেংকাৰীকে ধৰি একাধিক গোচৰত অভিযুক্ত ছোৰেণক দুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল। দিল্লীস্থিত হেমন্ত ছোৰেণৰ বাসগৃহৰ পৰা ই ডিয়ে জব্দ কৰিছিল দুখন বিলাসী বাহনৰ লগতে নগদ ৩৬লাখ টকা।

৫দিনৰ বাবে ইডিৰ জিম্মাত প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণ
দেৰগাঁৱৰ ১নং জৰাগুৰি সাগৰপাম নামঘৰত মহাভাগৱত পাঠ সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in