দেৰগাঁৱৰ ১নং জৰাগুৰি সাগৰপাম নামঘৰত মহাভাগৱত পাঠ সামৰণি

দেৰগাঁৱৰ ১নং জৰাগুৰি সাগৰপাম নামঘৰত মহাভাগৱত পাঠ  সামৰণি

ডিজিটেল সংবাদ, গোলাঘাটঃ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ ১নং জৰাগুৰি সাগৰপাম অখণ্ড ভাগৱত পাঠ সমিতিৰ উদ্যেগত আৰু জৰাগুৰি সাগৰপাম ৰাইজৰ সহযোগত সাগৰপাম নামঘৰত দুদিনীয়া কাৰ্যসুচীৰে মানৱ সমাজৰ মংগলৰ বাবে আয়োজন কৰা মহাভাগৱত পাঠশক্ৰ বাৰে সামৰণি পৰে। ইয়াকে লৈ অঞ্চলটোত সৃষ্টি হৈছে এক আধ্যাত্মিক পৰিবেশৰ।

হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তুলিছে নামঘৰৰ চৌপাশ। দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰ্যবসিত হৈ পৰিছে সমগ্ৰ অঞ্চল । প্ৰথম দিনা পুৱা সামুহিক চাফাইৰে আৰম্ভ হোৱা প্ৰথম দিনৰ কাৰ্যসুচীত বন্তি প্ৰজ্বলন , ধৰ্মধ্বজা উত্তোলন ,গছপুলি ৰোপন আৰু বাটচৰা উন্মোচনৰ পাছতেই ভাগৱত প্ৰতিষ্ঠাৰে নাম প্ৰসংগ আৰম্ভ আৰু মাংগলিক ধ্বনিৰে ভাগৱত পাঠৰ আনুষ্ঠানিক শুভাৰম্ভ হয় । দ্বিতীয় দিনা ভাগৱত পাঠৰ সামৰণিৰ পাছতেই ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান আৰু নিশালৈ স্থানীয় শিল্পী সকলৰ দ্বাৰা অনুষ্ঠিত হোৱা " দ্ৰোন পৰ্ব ,অভিমন্যু বধ"নাট খন উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক অৰূপ কুমাৰ বৰাই । সমুহ ভক্তপ্ৰাণ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে আয়োজক সমিতিয়ে ।

দেৰগাঁৱৰ ১নং জৰাগুৰি সাগৰপাম নামঘৰত মহাভাগৱত পাঠ  সামৰণি
“ৰ'দঘাই বেবেজীয়া” ৰ চতুৰ্থ বাৰ্ষিক পূৰ্ণাংগ নাট মহোৎসৱ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in