/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/310f1fa0-4061-401a-be52-0ae0c2d419c7/salt_faarmer.jpg)
ডিজিটেল ডেস্ক : দেশৰ গুজৰাট প্ৰদেশত কৰা হয় নিমখ নিষ্কাশনৰ খেতি । সাগৰীয় লুণীয়া পানী এক বৃহৎ অঞ্চলত জমা কৰি তাৰ পৰা নিষ্কাশন কৰা হয় নিমখ । এই সম্পূৰ্ণ কাৰ্যৰ সৈতে জড়িত প্ৰায় ৫০ হেজাৰতকৈও অধিক লোক । এই লোকসকলে লুণীয়া পানীত সমগ্ৰ দিনটো সস্তীয়া বুটজোতা পিন্ধি নিষ্কাশন কৰে নিমখ । যাৰ বাবদ প্ৰত্যেক টন নিমখৰ বাবে লাভ কৰে কেৱল ৫০ টকা । কেৱল যেন জীয়াই থাকিবলৈ হে আৰ্জন কৰি আহিছে এই সকল লোকে । এনে শোচনীয় আৰ্জনৰ বাবে ভৱিষ্যত প্ৰজন্মক উচ্চ শিক্ষা প্ৰদানৰ কথা যেন এক সপোন এই সকল লোকৰ বাবে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/65fea880-dc70-4cff-a2e8-262117f7e233/Screenshot__136_.png)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/ac6bc319-821b-4244-9415-872c379e80b2/Screenshot__133_.png)
উল্লেখ্য যে, সস্তীয়া বুটজোতাবোৰ অত্যাধিক নিমখৰ বাবে সঘনাই উৱঁলি পৰে এবছৰ নহওতেই । তেনেস্থলত, নিমখে খাই আনে শ্ৰমিক সকলৰ ভৰিৰ ছাল । কিন্তু প্ৰশাসনে যেন পাহৰি পেলাইছে এই সকল লোকক ।
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ পাছতেই বিশ্বৰ সকলোতকৈ বেছি নিমখ উৎপাদল কৰা ৰাষ্ট্ৰখনতেই এলাগী এই সকল লোক । ইয়াৰ ওপৰিও সমগ্ৰ দেশৰ ৭০ শতাংশ নিমখ উৎপাদন কৰা হয় গুজৰাটত । তাৰ পাছতো এই সকল লোকৰ সামগ্ৰিক উন্নয়ন যেন এতিয়াও এক সাধুকথা হে...
আৰু পঢ়ক : উভতি আহিব ডাবল ডেকাৰ বাছ...