ভয়ংকৰ বনজুইৰ কবলত ১০ হেক্টৰ ভূমি...

প্ৰকোপ গৰমৰ বাবে ১৫ মাৰ্চত কোডাইকানাল বনাঞ্চলত বনজুইৰ সূত্ৰপাত হয়

author-image
Asomiya Pratidin
New Update
ভয়ংকৰ বনজুইৰ কবলত ১০ হেক্টৰ ভূমি...

ডিজিটেল ডেস্ক: এক ভয়াৱহ অগ্নিকাণ্ডই জুকাৰি গ'ল তামিলনাডু। তামিলনাডুৰ ডিণ্ডিগুল জিলাৰ কোডাইকানাল ৰেঞ্জত সংঘটিত হয় বনজুইৰ ঘটনা। বুধবাৰে সংঘটিত হোৱা এই বনজুই বৃহস্পতিবাৰে ৰাজ্যিক বন বিভাগে নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, প্ৰকোপ গৰমৰ বাবে ১৫ মাৰ্চত কোডাইকানাল বনাঞ্চলত এই বনজুইৰ সূত্ৰপাত হয়। য'ত ১০ হেক্টৰতকৈও অধিক বনাঞ্চল ধ্বংস হোৱাৰ খবৰে দেশলৈ দু-সংবাদ কঢ়িয়াই আনে। এই জুইৰ ধোৱাই ছানি ধৰিছিল ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চল। বনজুইৰ ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে আতংকিত হৈ পৰিছিল তামিলনাডুবাসী।

পিছে এনে আতংকৰ মাজতে সু-বাৰ্তা কঢ়িয়াই আনিলে বন বিভাগে। বুধবাৰৰে পৰা বনবিভাগে চলোৱা অহৰহ প্ৰচেষ্টাত বৃহস্পতিবাৰে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, অগ্নি নিৰ্বাপন কৰিবলৈ বনবিভাগে হেলিকপ্টাৰ মোতায়ন কৰিছিল। ভাৰতীয় বায়ু সেনাৰ এমআই-১৭ হেলিকপ্টাৰে এই ক্ষেত্ৰত বিশেষ সহায় কৰে।

Also Read: ৰীমা দাসৰ নতুন ছবি 'তৰাজ হাছবেণ্ড' প্ৰদৰ্শিত হ'ব Busan International Film Festival ত

Govt of India