ৰীমা দাসৰ নতুন ছবি 'তৰাজ হাছবেণ্ড' প্ৰদৰ্শিত হ'ব Busan International Film Festival ত

দক্ষিণ কোৰিয়াত ৫ অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব এই ভূষণ আন্তঃৰাষ্ট্ৰীয় চলিচ্চিত্ৰ মহোৎসৱত
RIMA DAS
RIMA DASRIMA DAS

ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ছবি নিৰ্মাতা ৰীমা দাসৰ আন এক সফলতা। তেওঁৰ ছবি 'তৰাজ হাছবেণ্ড' প্ৰদৰ্শিত হ'ব Busan International Film Festival

ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ৰীমা দাসৰ 'তৰাজ হাছবেণ্ড' নামৰ ছবিখন অহা অক্টোবৰ মাহত এছিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ মহোৎসৱ 'Busan International Film Festival'ত প্ৰদৰ্শিত হ'ব। অক্টোবৰ মাহৰ ৫ তাৰিখৰ পৰা ১৪ তাৰিখলৈ অনুষ্ঠিত হ'ব এই মহোৎসৱখন।

কোৰিয়াত দক্ষিণ অনুষ্ঠিত হ'বলগীয়া এই মহোৎসৱৰ এ উইণ্ড অন এছিয়ান চিনেমা শীৰ্ষক বিশেষ শাখাত প্ৰদৰ্শিত হ'ব। ইতিমধ্যে ৰীমা দাসৰ এই নতুন ছবিখন টৰোণ্টো ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হৈছে।

ভিলেজ ৰকষ্টাৰ, বুল বুল কেন ছিং আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰা ছবি নিৰ্মাণ কৰি ইতিমধ্যে বিশেষ পৰিচয় লাভ কৰা ৰীমা দাসৰ এই নতুন ছবিখনক লৈ ইতিমধ্যে ব্যাপক চৰ্চা আৰম্ভ হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in