তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত বানৰ সংহাৰী ৰূপ : কেইবাখনো ৰে’ল বাতিল

তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত বানৰ সংহাৰী ৰূপ : কেইবাখনো ৰে’ল বাতিল

author-image
Asomiya Pratidin
New Update
তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত বানৰ সংহাৰী ৰূপ : কেইবাখনো ৰে’ল বাতিল

ডিজিটেল ডেস্ক : তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত সৃষ্টি হৈছে প্ৰৱল বৃষ্টিপাতৰ। ফলত স্তদ্ধ হৈ পৰিছে ৰাজ্য দুখনৰ স্বাভাৱিক জীৱন যাত্ৰা। নেৰানেপেৰা বৰষুণে দুয়োখন ৰাজ্যতে ব্যাপক প্ৰভাৱ পেলাইছে। ব্যাহত হৈ পৰিছে যাতায়ত। ঠায়ে ঠায়ে কোনো ক’তো ওলাব নোৱাৰা এক পৰিৱেশে বিৰাজ কৰিছে দুয়োখন ৰাজ্যত।

Advertisment

ইতিমধ্যে বৰষুণৰ বাবেই ৰাজ্য দুখনৰ ভালেকেইটা অঞ্চল বানৰ কৱলত পৰিছে। বানৰ সংহাৰী ৰূপে ৰুষ্ট কৰিছে জনতাৰ জীৱন যাত্ৰা। তাৰোপৰি কেইবাগৰাকী লোকে অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে। জানিব পৰা মতে বানপানীৰ ফলত ২৭গৰাকী লোক মৃত্যুমুখত পৰিছে।

আনহাতে বৰষুণৰ বাবে ৰাজ্য দুখনৰ ১৪০খন ৰে’লৰ চলাচল বাতিল কৰিছে বিভাগে। তাৰোপৰি সাল-সলনি কৰা হৈছে কেইবাখনো ৰে’লৰ পথ।

উল্লেখযোগ্য যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি জৰুৰী বৈঠকৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে।

Also Read: শিলপুখুৰীত অঘটন : মহিলাৰ ডিঙিৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে সোণৰ চেইন...

telangana flood andhra pradesh