যমুনা নৈৰ বাঢ়নী পানীয়ে বুৰালে দিল্লীৰ একাধিক অঞ্চল : প্ৰশাসনৰ সতৰ্কবাণী

যমুনা নৈৰ বাঢ়নী পানীয়ে বুৰালে দিল্লীৰ একাধিক অঞ্চল : প্ৰশাসনৰ সতৰ্কবাণী

ডিজিটেল ডেস্ক : বানত বুৰ গৈছে দিল্লীৰ কেইবাটাও অঞ্চল। যমুনা নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে চহৰখনৰ চান্দগী ৰাম আখাদা চ'ককে ধৰি বিভিন্ন অঞ্চল। যমুনা নৈৰ বাঢ়নী পানীয়ে বিপদসীমা অতিক্ৰম কৰাৰ ফলতে সৃষ্টি হৈছে বানপানীৰ।

বানে প্লাৱিত কৰা উক্ত অঞ্চলটিৰ ভালেসংখ্যক পৰিয়ালৰ ঘৰৰ বাহিৰে-ভিতৰে পানী সোমাই বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে। দেশৰ আন আন ৰাজ্যৰ লগতে দিল্লীতো হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দুদিন পূৰ্বেই বাঢ়নী পানীয়ে যমুনা নৈৰ বিপদসীমা অতিক্ৰম কৰিছিল।

অৱশ্যে চান্দগী ৰাম আখাদা চ'কত হোৱা বানপানী বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষী-প্ৰশাসনে বান সম্ভাৱনাপ্ৰৱণ অঞ্চলসূমহত সতৰ্কবাণী জাৰি কৰিছে। যান-বাহন চলাচলৰ ক্ষেত্ৰতো জাৰি কৰিছে বিশেষ সতৰ্কবাণী।

যমুনা নৈৰ বাঢ়নী পানীয়ে বুৰালে দিল্লীৰ একাধিক অঞ্চল : প্ৰশাসনৰ সতৰ্কবাণী
গহপুৰ নাট্য সন্মিলনৰ উদ্যোগত নাট কৰ্মশালা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in