/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/539bf5db-c58f-45de-b4a6-39170143928f/naat.jpg)
ডিজিটেল সংবাদ,গহপুৰ : গৰম বন্ধ উপলক্ষে গহপুৰত আয়োজন কৰা হৈছে নাট কৰ্মশালাৰ। ১৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে নাট কৰ্মশালাৰ। অসম নাট্য সন্মিলনৰ অন্তৰ্গত গহপুৰ শাখা নাট্য সন্মিলনে যোৱা ৬জুলাইৰ পৰা গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিছে নাট কৰ্মশালাৰ।
উদ্যোক্তাসকলে জনোৱা অনুসৰি নাট কৰ্মশালাখনিৰ জৰিয়তে শিক্ষাৰ্থীসকলক চিত্ৰ, নাট্য আৰু আবৃত্তিৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। কেইবাগৰাকী অভিজ্ঞ নাট্যকৰ্মী, চিত্ৰশিল্পী আৰু আবৃত্তিকাৰ সমল ব্যক্তি হিচাপে উপস্থিত থকা কৰ্মশালাখনিত গহপুৰৰ বিভিন্ন প্ৰান্তৰ ৭০ গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।
Also Read: ৰাঙলু এঘাৰ মাইল সমাজ সচেতন মঞ্চৰ সম্বৰ্ধনা অনুষ্ঠান