৫ খন বাহনৰ সংঘৰ্ষঃ থিতাতে নিহত একেটা পৰিয়ালৰ ৫ সদস্য !

৫ খন বাহনৰ সংঘৰ্ষঃ থিতাতে নিহত একেটা পৰিলায়ৰ ৫ সদস্য !
৫ খন বাহনৰ সংঘৰ্ষঃ থিতাতে নিহত একেটা পৰিলায়ৰ ৫ সদস্য !

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ৫ জন লোকৰ। ৫ খন বাহনে এখনে আনখনক খুন্দিওৱাৰ ফলতেই এই লোক কেইজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি মঙ্গলবাৰে পুৱা দুখন ব্যক্তিগত বাছ, দুখন ট্ৰাক আৰু ২ খন চাৰি চকীয়া সৰু কাৰে এখনে আনখনক খুন্দা মাৰে। এই দুৰ্ঘটনাত ৫ জন লোকৰ থিতাতে মৃত্যু হৈছে।

মৃত্যু হোৱা ৫ জন লোকেই একেটা পৰিয়ালৰ বুলি সন্দেহ কৰা হৈছে। কিয়নো এই পৰ্যন্ত মৃতদেহ কেইটা চিনাক্ত কৰিব পৰা হোৱা নাই।

নিহত ব্যক্তি কেইজন থকা বাহনখনৰ আৰ চি মতে সেই নিৰ্দিষ্ট বাহনখন আছিল চেন্নাইৰ নাংগানাল্লুৰৰ। এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তামিলনাডুৰ কুড্ডালোৰ জিলাৰ ত্ৰিচি-চেন্নাই ৰাষ্ট্ৰীয় ঘাইপথতত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in