/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d0e38d61-62f3-4db5-ba09-1349ec25f74d/kashmir.jpg)
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ গুলিচালনাত নিহত হৈছে ৫ জন সন্ত্ৰাসবাদী । কুপৱাৰা আৰক্ষীয়ে প্ৰদান কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা জম্মু-কাশ্মীৰত অনুপ্ৰৱেশ কৰিবলৈ লোৱা সয়মতে বিদেশী সন্ত্ৰাসবাদী কেইজনক গুলিচালনা কৰে সেনাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/95fe0e40-7d1b-4dbc-b820-b6c0f28821c9/375b99dc_b379_4329_ae73_11aa2e4f55f6.jpg)
কালি নিশা গোপন খবৰৰ ভিত্তিত উত্তৰ-কাশ্মীৰৰ এলঅ'চিৰ (Line of Control) ওচৰৰ জুমাগুণ্ড অঞ্চলত সেনা আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলায় । এই অভিযানতে সন্ত্ৰাসবাদী কেইজনক এনকাউন্টাৰ কৰা হয় । বৰ্তমানেও অঞ্চলটোত সন্ত্ৰাসবাদীৰ সন্ধানত অব্যাহত আছে অভিযান। কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এডিজিপি) বিজয় কুমাৰে সন্ত্ৰাসবাদী নিহত সন্দৰ্ভত টুইটযোগে এই কথা জনায় ।
Also Read: অশান্ত মণিপুৰঃ কাৰ্ফিউৰ মাজতে সহস্ৰাধিক লোকে জ্বলালে মন্ত্ৰীৰ বাসগৃহ...