১৮ জুনৰ পৰা লোকসভা অধিবেশন ! পূৰ্বতকৈ পৃথক হ'ব এইবাৰৰ অধিবেশন...

শক্তিশালী বিৰোধীয়ে চাপত ৰাখিব চৰকাৰক

author-image
Asomiya Pratidin
New Update
১৮ জুনৰ পৰা লোকসভা অধিবেশন ! পূৰ্বতকৈ পৃথক হ'ব এইবাৰৰ অধিবেশন...

১৮ জুনৰ পৰা লোকসভাৰ অধিবেশ ! পূৰ্বতকৈ পৃথক হ'ব এইবাৰৰ অধিবেশন...

ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিয়ে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ পাছত দেওবাৰে অনুষ্ঠিত হৈ যায় প্ৰধানমন্ত্ৰীৰ লগতে অন্যান্য মন্ত্ৰীসকলৰ শপতগ্ৰহণ অনুষ্ঠান। ইয়াৰ পিছতে এতিয়া ১৮ জুনৰ পৰা লোকসভাৰ অধিবেশন অনুষ্ঠিত হোৱাৰ সম্ভৱা আছে।

Advertisment

এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ১৮ বা ১৯ জুনত লোকসভাৰ অধিবেশন আৰম্ভ হোৱাৰ পিছত ২০ জুনত নতুন অধ্যক্ষ নিৰ্বাচিত কৰা হ'ব আৰু ২১ জুনত দুয়োখন সদনৰ যুটীয়া অধিবেশন হোৱাৰ সম্ভাৱনা আছে। এই যুটীয়া অধিবেশনতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাষণ প্ৰদান কৰিব।

উল্লেখ্য যে, অষ্টাদশ লোকসভা নিৰ্বাচনত বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা লাভ নকৰিলেও এন ডি এয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল। বিৰোধী ইণ্ডিয়াই এইবাৰ যিদৰে আশাপ্ৰদ ফলাফল লাভ কৰিলে ঠিক সেইদৰেই কংগ্ৰেছেও এককভাৱে ৯৯ খন আসন দখল কৰি বিৰোধী দলৰ মৰ্যাদা লাভ কৰিলে।

এইবাৰ কংগ্ৰেছে লাভ কৰিছে বিৰোধী দলৰ নেতাৰ পদ। এই পদ লাভৰ বাবে এটা ৰাজনৈতিক দলে অন্তত ১০ শতাংশ আসন লাভ কৰিব লাগে। যোৱা ১০ বছৰত লোকসভাত কংগ্ৰেছেৰ সাংসদ আছিল ক্ৰমে ৪৪ আৰু ৫২ জন।

সেয়ে এইবাৰ লোকসভাত শাসক পক্ষৰ সমান্তৰালকৈ বিৰোধীৰ ভূমিকাৰ ওপৰতো দৃষ্টি নিবদ্ধ থাকিব দেশবাসীৰ। কিয়নো কংগ্ৰেছৰ ৯৯ জন সাংসদৰ উপৰিও ইণ্ডিয়া গোটৰ মুঠ সাংসদৰ সংখ্যা হৈছে ২৩৪ জন।

যোৱা দুটা কাৰ্যকালতকৈ এইবাৰ বিজেপি চৰকাৰৰ কাৰ্যকালো হ’ব সম্পূৰ্ণ পৃথক। এইবাৰ নাই বিজেপিৰ একক সংখ্যাগৰিষ্ঠতা। চৰকাৰ ধৰি ৰাখিবলৈ বিজেপিয়ে সকলো সময়তে তেলেগু দেশম পাৰ্টি আৰু জে ডি ইউৰ ওৰতেই নিৰ্ভৰ কৰিব লাগিব।

এই দুই দলৰ নেতাৰ অসন্তুষ্টিয়েই যিকোনো সময়তে বিপদত পেলাব পাৰে বিজেপিক। আনহাতে বিৰোধীও ঐক্যবদ্ধ হোৱাত পূৰ্বতকৈ শক্তিশালী হৈছে। এনে প্ৰেক্ষাপটত বিজেপি এইবাৰ বহুখিনি চাপত থাকিব। সেয়ে পূৰ্বতকৈ বহু পৃথক হ'ব এইবাৰৰ লোকসভাৰ অধিবেশন।

Also Read: গৃহ বিভাগৰ পৰা আঁতৰিব শ্বাহ ! ৰাজনাথ, নিৰ্মলাৰ কান্ধতে পৰিব গধূৰ দায়িত্ব...

লোকসভা অধিবেশন