/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/b40d3ce4-3d40-4f5e-81d6-898ba0f39238/congress_8.jpg)
লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ৩৯ জনীয়া প্ৰথম তালিকা প্ৰকাশ...
ডিজিটেল ডেস্কঃ ব্যাপক জল্পনা-কল্পনাৰ অন্তত আজি কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ বাবে ঘোষণা কৰিলে দলটোৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। মুঠ ৩৯ জনৰ নাম এই তালিকাত স্থান দিয়া হৈছে।
ছত্তিশগড়, কৰ্ণাটক, কেৰালা, লক্ষাদ্বীপ, মেঘালয়, নাগালেণ্ড, ছিকিম, তেলেংগানা আৰু ত্ৰিপুৰাৰ প্ৰাৰ্থীৰ নাম আছে এই তালিকাত। তালিকা অনুসৰি ছত্তিশগড়ৰ বাবে দলটোৱে ৬ গৰাকী, কৰ্ণাটকৰ বাবে ৭ গৰাকী, কেৰালাৰ বাবে ১৬ গৰাকী, লক্ষাদ্বীপৰ বাবে এগৰাকী, মেঘালয়ৰ বাবে২ গৰাকী, নাগালেণ্ডৰ বাবে এগৰাকী, ছিকিমৰ বাবে এগৰাকী, তেলেংগানাৰ বাবে ৩ গৰাকী আৰু ত্ৰিপুৰাৰ বাবে এগৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে।
এই প্ৰথমখন তালিকাত স্থান লাভ কৰা প্ৰাৰ্থীসমূহৰ ভিতৰত আছে ৰাহুল গান্ধী ডি কে সুৰেশ, ভূপেশ বাঘেল, কে চি বেণুগোপাল, ড০ শশী ঠাৰুৰ আদি। ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়নাড সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৰাজনন্দগাওঁ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।
মেঘালয়ৰ দুটা সমষ্টি শ্বিলং আৰু টুৰাৰ বাবে ক্ৰমে ভিচেণ্ট এইছ পালা আৰু ছেলেং এ চাংমাৰ নাঘম ঘোষণা কৰিছে। ছিকিমৰ এখন আসনৰ বাবে নাম ঘোষণা কৰিছে গোপাল চেত্ৰীৰ। সেইদৰে ত্ৰিপুৰাৰ ত্ৰিপুৰা ৱেষ্ট সমষ্টিৰ বাবে আশীষ কুমাৰ শ্বাহাৰ নাম ঘোষণা কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/ca01567d-bb3d-4c2d-bc22-29e5c6379c1b/GIJ1VnQXEAEGi6c.jpg)
Also Read: মেৰাপানীত শিল,বালি কঢ়িওৱা ডাম্পাৰক ধন দাবী কৰি গ্ৰেপ্তাৰ বন বিষয়া