/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/ad537f69-caf7-4e55-a093-21e1a7ff7d0f/merapani_8.jpg)
মেৰাপানীত শিল,বালি কঢ়িওৱা ডাম্পাৰক ধন দাবী কৰি গ্ৰেপ্তাৰ বন বিষয়া
ডিজিটেল সংবাদ মেৰাপানীঃ উৎকোচ লৈ পুনৰ হাত দাঙিল অসম চৰকাৰৰ বন বিভাগৰ এজন বিষয়াই। মেৰাপানীত দুৰ্নীতি নিৰ্বাৰক শাখাৰ অভিযানত উৎকোচ লোৱাৰ সময়তে হাতে লুটে আটক জামুগুৰি আঞ্চলিক বন বিষয়া গোবিন্দ্ৰ টাইদ।
অভিযোগ অনুসৰি শিল কঢ়িওৱা ডাম্পাৰৰ পৰা ভয় ভাবুকিৰে ২০ হাজাৰ টকা উৎকোচ বিচাৰিছিল বন বিষয়াগৰাকীয়ে। ডাম্পাৰখনৰ গৰাকী আছিল ব্যৱসায়ী দেৱজিত বৰা।
শুকুৰবাৰেবিয়লি নিজ কাৰ্যালয়তে সেই ২০ হাজাৰ টকা উৎকোচ লৈ থাকোতেই আটক কৰে বন বিষয়াগৰাকীক। পূৰ্বতেও অঞ্চলটোৰ ব্যৱসায়ীসকলক ধন দাবী কৰি অতিষ্ঠ কৰি আহিছিল বিষয়া জনে। ঘটনাৰ সন্দৰ্ভত ঘিলাধাৰী আৰক্ষী আৰু দুৰ্নীতি নিৰ্বাৰক শাখাৰ দলটোৱে বিষয়াগৰাকীক অব্যাহত ৰাখিছে জেৰা।
Also Read: তেজপুৰ চিভিলৰ কাষত ভয়ংকৰ অগ্নিকাণ্ডঃ কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ