২.৭৭ একৰ ভূমি, ৪২ খন সোণৰ দুৱাৰ! ভক্তৰ বাবে প্ৰায় সাজু অযোধ্যাৰ ৰাম মন্দিৰ

সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ অযোধ্যাৰ ৰাম মন্দিৰৰ ওপৰত। বহু প্ৰতীক্ষাৰ অন্তত ২২ জানুৱাৰীত হ’ব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা। ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে প্ৰস্তুতি।

author-image
Asomiya Pratidin
New Update
২.৭৭ একৰ ভূমি, ৪২ খন সোণৰ দুৱাৰ! ভক্তৰ বাবে প্ৰায় সাজু অযোধ্যাৰ ৰাম মন্দিৰ

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ অযোধ্যাৰ ৰাম মন্দিৰৰ ওপৰত। বহু প্ৰতীক্ষাৰ অন্তত ২২ জানুৱাৰীত হ’ব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা। ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে প্ৰস্তুতি। ২৩ জানুৱাৰীৰ পৰা ভক্তৰ বাবে মুকলি কৰি দিয়া হ’ব মন্দিৰৰ দুৱাৰ৷ প্রায় ১৮০০ কোটি টকা ব্যয় সাপেক্ষে পৰম্পৰাগত নাগৰ আর্হিত ২.৭৭ একৰ ভূমিত নিৰ্মাণ হৈছে এই মন্দিৰ।

Advertisment

তীব্ৰ গতিত চলি আছে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰস্তুতি। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। উদ্বোধনৰ পূৰ্বে ১৩ খন সোণৰ দুৱাৰ স্থাপন কৰা হ’ব ৰাম মন্দিৰত। ইয়াৰে প্ৰথমখন সোণৰ দুৱাৰ স্থাপনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। মুঠ ৪৬ খন দুৱাৰৰ ৪২ খনতেই দিয়া হ’ব সোনৰ প্ৰলেপ। সোমবাৰে প্ৰতিষ্ঠা কৰা প্ৰথমখন সোণৰ দুৱাৰখনৰ দৈৰ্ঘ্য ১২ ফুট আৰু প্ৰস্থ ৮ ফুট। এই সোণৰ প্ৰলেপ দুৱাৰ কেইখন ভক্ত আৰু পৰ্যটকৰ বাবে কেন্দ্ৰবিন্দু হৈ পৰিব।

১৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব বহু ধৰ্মীয় অনুষ্ঠান । এই অনুষ্ঠানৰ বাবে ৪০০০ সাধু- সন্তকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৭০০০ অতিথিলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব ক্ৰিকেট, উদ্যোগ, চিনেমা জগতকে ধৰি বিভিন্ন ক্ষেত্ৰত জড়িত একাধিক তাৰতা।

ৰাম মন্দিৰ উদ্বোধনত অনুষ্ঠানত উপস্থিত থাকিব বিজেপি নেতা লালকৃষ্ণ আদোৱানী, মুৰলি মনোহৰ যোশী, বিনায় কাটিয়াৰ, উমা ভাৰতীৰ দৰে কেইবাজনো বর্ষীয়ান ৰাজনীতিবিদ। দেশৰ লগতে সমগ্ৰ বিশ্বৰ হিন্দু ধর্মাৱলম্বী লোকে অযোধ্যাৰ বিশাল ৰাম মন্দিৰৰ মুকলি অনুষ্ঠানক লৈ উৎসাহেৰে অপেক্ষা কৰি আছে৷

শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ পৰা বিশ্বৰ ৰাম ভক্তসকললৈ অনুৰোধ

প্রাণ প্রতিষ্ঠাৰ দিনাখন (পুৱা ১১.০০ বজাৰ পৰা ০১.০০ বজাৰ ভিতৰত) গাওঁ, অঞ্চল, কলনীত অৱস্থিত এটা মন্দিৰত ওচৰ-চুবুৰীয়া ৰাম ভক্তসকলক এক গোট কৰি ভজন-কীর্তন কৰি, এটা টেলিভিছন ৰাখি ৰাইজক অযোধ্যাৰ প্ৰাণ প্রতিষ্ঠাৰ সমাৰোহ দেখুৱাৰ ব্যৱস্থা কৰাৰ লগতে, শংখধ্বনি, ঘন্টাবাদন, আৰতি কৰি, প্রসাদ বিতৰণ কৰিবলৈ অনুৰোধ শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ ।

এই কার্যসূচীটো মন্দিৰ/নামঘৰ কেন্দ্রিক হ'ব লাগে, নিজ নিজ মন্দিৰত স্থিত দেৱ-দেৱীৰ ভজন-কীর্তন-আৰতি-পূজা কৰি আৰু সামূহিকভাবে ১০৮ বাৰ "শ্রী ৰাম জয় বাম জয় জয় ৰাম" মন্ত্র জপ কৰিবলৈ অনুৰোধ জনাইছে। ইয়াৰ লগতে, হনুমান চালিচা, সুন্দৰকাণ্ড, ৰামৰক্ষা স্তোত্র আদিও সামূহিকভাবে পাঠ কৰিবলৈ অনুৰোধ। প্রাণ-প্রতিষ্ঠা অনুষ্ঠানটো দূৰদৰ্শনৰ দ্বাৰা পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব আৰু একাধিক চেনেলৰ জৰিয়তে সম্প্ৰচাৰ কৰা হ'ব।

প্রাণ-প্ৰতিষ্ঠাৰ দিনা সূর্যাস্তৰ পিছত ঘৰৰ সন্মুখত চাকি,দ্বীপৰ আল্পনা সজাই, বিশ্বৰ লাখ লাখ ঘৰত দীপোৎসব উদযাপন হ'ব লাগে বুলি উল্লেখ কৰিছে। প্রাণ-প্রতিষ্ঠা দিৱসৰ দিনাৰ পিছত ভগবান শ্ৰী ৰাম লালা আৰু নৱনির্মিত মন্দিৰ দৰ্শন কৰিবলৈ পৰিয়ালৰ সৈতে অযোধ্যালৈ আহিবলৈ আমন্ত্রণ জনাইছে শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰই।

Also Read: নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ক বিশ্ববিদ্যালয় লৈ উন্নীতকৰণৰ চৰকাৰী জাননী প্ৰকাশ

raam mandir ayodhya