নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ক বিশ্ববিদ্যালয় লৈ উন্নীতকৰণৰ চৰকাৰী জাননী প্ৰকাশ

মধ্য অসমৰ এই উল্লেখযোগ্য মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় লৈ উন্নীত কৰাত সন্তুষ্টি ব্যক্ত কৰিছে বিভিন্ন দল-সংগঠনে। চৰকাৰে সেই সন্দৰ্ভত জাননী জাৰি কৰাৰ পাছত বিশ্ববিদ্যালয়খনৰ কাম-কাজো অচিৰেই আৰম্ভ হ'ব

author-image
Asomiya Pratidin
New Update
নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ক বিশ্ববিদ্যালয় লৈ উন্নীতকৰণৰ চৰকাৰী জাননী প্ৰকাশ

ডিজিটেল ডেস্ক : নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ) এতিয়াৰে পৰা নগাঁও বিশ্ববিদ্যালয় হ'ল। ৰাজ্য চৰকাৰে মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কথা ঘোষণা কৰিছিল। সেই মৰ্মে বিধানসভাত উত্থাপন কৰা হৈছিল নগাঁও বিশ্ববিদ্যালয় বিধেয়ক।

Advertisment

বিধানসভাত এই বিধেয়ক গৃহীত হোৱাৰ পাছত বিধেয়কখন অনুমোদনৰ বাবে ৰাজ্যপাললৈ প্ৰেৰণ কৰা হৈছিল। যোৱা ২২ নবেম্বৰ ২৩ত বিধেয়কখনত ৰাজ্যপালে স্বাক্ষৰ কৰাত নগাঁও বিশ্ববিদ্যালয় বিধেয়কখন আইনত গৃহীত হয়।

এই আইনখন ৪ডিচেম্বৰ ২০২৩ত অসম ৰাজপত্ৰত প্ৰকাশ কৰে ৰাজ্য চৰকাৰে। নগাঁও বিশ্ববিদ্যালয় আইন,২০২৩ৰ অধীনত আনুষ্ঠানিকভাৱে নগাঁও বিশ্ববিদ্যালয় আৰম্ভ হ'ব।

উল্লেখযোগ্য যে মধ্য অসমৰ এই উল্লেখযোগ্য মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় লৈ উন্নীত কৰাত সন্তুষ্টি ব্যক্ত কৰিছে বিভিন্ন দল-সংগঠনে। চৰকাৰে সেই সন্দৰ্ভত জাননী জাৰি কৰাৰ পাছত বিশ্ববিদ্যালয়খনৰ কাম-কাজো অচিৰেই আৰম্ভ হ'ব।

Also Read: পদূলিত হেঁপাহৰ ভোগালী : ৰৌ ২৭০,বৰালি-চিতল ৩০০টকা, দ্বি-শতক অতিক্ৰম আৰু বহু মাছৰ

assam govt nagaon college (autonomous)