/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/d4f12239-6893-4537-9cab-56bba9814430/ARMY_12.jpg)
পঞ্জাৱৰ আৰ্মি কেম্পত ফায়াৰিংঃ ৪ জন জোৱানৰ মৃত্যু...
ডিজিটেল ডেস্কঃ পঞ্জাৱৰ বাথিন্দা সেনা বাহিনীৰ কেম্পত ফায়াৰিং। এই ঘটনাত ৪ সেনা জোৱানৰ মৃত্যু হৈছে। জানিব পৰা মতে পুৱা ৪ বাজি ৩৫ মিনিটত সংঘটিত হৈছে এই ঘটনা।
ফায়াৰিঙৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আনহাতে সমগ্ৰ অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰা হৈছে। সম্পূৰ্ণ অঞ্চলটো সেনা বাহিনীয়ে ঘেৰি ধৰি আৰম্ভ কৰিছে অভিযান।
বাথিন্দাৰ এছএছপি জি এছ খুৰানাই উল্লেখ কৰা অনুসৰি এয়া কোনো সন্ত্ৰাসবাদীৰ আক্ৰমণ নহয়। সেনা বাহিনীৰ ভিতৰৰে এক ঘটনা। এতিয়াও সেনাই স্থানীয় আৰক্ষীকে ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া নাই।
তথাপিও সমগ্ৰ অঞ্চলটো চীল কৰি দিয়া হৈছে। এলাৰ্ট জাৰি কৰা হৈছে।
Also Read: জামুগুৰিত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us