চেন্নাইৰ অইল কৰ্পোৰেচনত অগ্নিকাণ্ড : ১জন নিহত

অগ্নিকাণ্ডৰ পিছতে ইথানল সংৰক্ষণ টেংকত বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছিল

author-image
Asomiya Pratidin
New Update
চেন্নাইৰ অইল কৰ্পোৰেচনত অগ্নিকাণ্ড : ১জন নিহত

ডিজিটেল ডেস্ক : চেন্নাইৰ অইল কৰ্পোৰেচনৰ এটি প্ৰকল্পত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত অইলৰ ইথানল সংৰক্ষণ টেংকত কৰ্মৰত এগৰাকী কৰ্মচাৰী নিহত হোৱা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে প্ৰকল্পটোত কৰ্মৰত কৰ্মচাৰীৰ ভাষ্য অনুসৰি অগ্নিকাণ্ডৰ পিছতে ইথানল সংৰক্ষণ টেংকত বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছিল।

Advertisment

অইল কৰ্পোৰেচনৰ এগৰাকী উচ্চ পদস্থ বিষয়াই জনোৱামতে, বুধবাৰে ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ প্ৰকল্পত সংঘটিত বিস্ফোৰণৰ ফলত এজন শ্ৰমিক নিহত হয় আৰু আন এজন লোক গুৰুতৰভাৱে আহত হয়। আনহাতে অগ্নিকাণ্ড হোৱাৰ কিছু সময় পাছতে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে ৫খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নুমুৱাই প্ৰকল্পটোত কৰ্মৰত কৰ্মচাৰীসকলক উদ্ধাৰ কৰে। আনহাতে উদ্ধাৰ কৰা কৰ্মচাৰীসকলক ততালিকে অইল কৰ্পোৰেচনৰ বিভাগীয় কৰ্তৃপক্ষৰ সহযোগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে উক্ত ঘটনাটোৰ কাৰণ সন্দৰ্ভত এতিয়াও স্পষ্ট হোৱা নাই।

Also Read: আৰু কিমান অসমীয়াই প্ৰাণ হেৰুৱাব?

Chennai oil Indian Oil Corporation