আৰু কিমান অসমীয়াই প্ৰাণ হেৰুৱাব?

আৰু কিমান অসমীয়াই প্ৰাণ হেৰুৱাব?

পুনৰ ফুটিছে আৰক্ষীৰ গুলী। এজনৰ পাছত আনজন অভিযুক্তক গুলীয়াইছে অসম আৰক্ষীয়ে। অসম আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে কিবা এটা কৰা বুলি সান্তনা লভিছে আৰু আনফালে অসমীয়াই গুলী খাইছে।

আৰক্ষী বিভাগটোৰ ওপৰত মানুহৰ বৰ বেছি ভৰসা নাই। বিভিন্ন সময়ত সমালোচনাৰ সন্মুখীন হৈ আহিছে অসম আৰক্ষী। কেইবছৰমানৰ পূৰ্বলৈ মানুহৰ মনত এটা ধাৰণা আছিল যে টকা নোহোৱাকৈ কাম নকৰে আৰক্ষীয়ে। ট্ৰেফিক আৰক্ষীৰ পৰা আৰম্ভ কৰি বিভিন্ন বিভাগৰ কামৰ বাবে গ'লে টকা দিব লগা হয়।

কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পাছত এই আৰক্ষী বিভাগটোৰ ওপৰত ৰাইজৰ অলপ বিশ্বাস জন্মিছিল। শপত গ্ৰহণৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক যথেষ্ঠ স্বাধীনতা দিছিল। শূন্য সহনশীলতাৰ কথা কৈছিল। গৌৰৱ অনুভৱ কৰিছিল।

তাৰপাছতেই লাহে লাহে আৰম্ভ হৈছিল আৰক্ষীৰ এনকাউন্টাৰ। ড্ৰাগছ ব্যৱসায়ী, ধৰ্ষণৰ অভিযুক্ত, গৰু চোৰ আদিক লক্ষ্য কৰি আৰক্ষীয়ে ফুটাই গৈছে গুলী। প্ৰথম অৱস্থাত মানুহে বাহ বাহ দিছিল, আৰক্ষীয়ে ভাল কাম কৰিছে বুলি ভাবিছিল। কিন্তু এতিয়া যেন সেইখিনি মানুহখিনিয়ে ভয় খাইছে।

বৰ বেছি দিনৰ ঘটনাৰাজিলৈ নাযাঁও। যোৱা এসপ্তাহ মানত ৬-৭ টা এনকাউন্টাৰৰ ঘটনা ৰাজ্যত সংঘটিত হৈছে। ২৩ ডিচেম্বৰৰ নিশা উজনি অসমত ৪ অসমীয়াই খালে আৰক্ষীৰ গুলী। এই দিনটোত শিৱসাগৰৰ গেলেকীত পল্লৱজ্যোতি গগৈ গুলীবিদ্ধ হোৱাৰ লগতে শদিয়া আৰক্ষীৰ গুলীত আহত হৈছে বিশ্বনাথ বৰগোঁহাই, দিপজ্যোতি নেওগ আৰু মনোজ বুঢ়াগোঁহাই।

অভিযোগ অনুসৰি বিশ্বনাথ বৰগোঁহাই, দিপজ্যোতি নেওগ আৰু মনোজ বুঢ়াগোঁহাইয়ে আলফা(স্বা)ত যোগদান কৰিবলৈ যোৱাৰ সময়তে অৰুণাচলৰ পৰা আৰক্ষীয়ে আটক কৰিছিল। আটক কৰা যুৱককেইজনক তিনিচুকীয়ালৈ আনি থকা অৱস্থাত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰে আৰু তেতিয়াই আৰক্ষীৰ গুলী ফুটে।

আনহাতে ৯ ডিচেম্বৰত চিআৰপিএফৰ ছাউনীৰ সন্মুখত সংঘটিত হোৱা বোমা বিস্ফোৰণত অভিযুক্ত পল্লৱজ্যোতি গগৈ। এই যুৱকজনেও আৰক্ষীৰ জিম্মাৰ পৰ পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীয়ায়।

এয়া মাত্ৰ কেইটামান উদাহৰণহে। ইয়াৰোপৰি ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষীয়ে আলফা(স্বা)ৰ সদস্যৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছে বহুকেইজন যুৱকক।

ইয়াৰ মাজতে আৰক্ষীয়ে আলফা(স্বা)ৰ সদস্য হোৱাৰ সন্দেহত চলোৱা অকথ্য নিৰ্যাতন সহিব নোৱাৰি আত্মহত্যা কৰিছে যুৱকে। পুনৰ আঙুলি উঠিছে অসম আৰক্ষীৰ ওপৰত।

তিতাবৰ বিৰিণাশায়েকৰ গাৰিকুৰি গাঁৱৰ ২৪ বছৰীয়া যুৱক দীপাংকৰ গগৈয়ে অকালতে সাৱতি ল'লে মৃ্ত্যুক। যোৰহাট বোমা বিস্ফোৰণৰে জড়িত থকা বুলি স্বীকাৰোক্তি দিবলৈ আৰক্ষীয়ে চলোৱা অকথ্য নিৰ্যাতন সহিব নোৱাৰিলে দীপাংকৰে।

আৰক্ষীয়ে সোধা-পোচাৰ বাবে নিয়া যুৱকজনক নিশা ২ বজাত আৰক্ষীয়ে ঘৰত চমজাই থৈ যোৱাৰ পাছতে সংঘটিত হয় শোকাৱহ ঘটনা। শোৱাপাটীলৈ যোৱা যুৱকজনৰ মৃতদেহ মঙলবাৰে পুৱা এডাল গছত উদ্ধাৰ হৈছিল।

পৰিয়ালৰলোকে অভিযোগ কৰিছে যে ৫ দিন ধৰি আৰক্ষীয়ে চলাইছিল নিৰ্যাতন। কেৱল ইমানেই নহয়, দীপাংকৰৰ বন্ধু বৰ্গকো থানালৈ মাতি নি আৰক্ষীয়ে হাৰাশাস্তি কৰিছিল। এই অপমান সহ্য কৰিব নোৱাৰিলে যুৱকজনে।

এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে তদন্তৰ দাবী কৰিছে। কিন্তু তদন্তৰ পাছত ঘূৰাই পাব জানো ৰুগীয়া পিতৃৃ-মাতৃৰ কণাৰ লাখুটি হৈ থকা পুত্ৰক?

আৰক্ষীৰ এই এনকাউন্টাৰৰ বিৰুদ্ধে প্ৰশ্ন আজিৰ নহয়। একাংশই বহু সময়ত ভুৱা এনকাউন্টাৰৰ দাবী উত্থাপন কৰি আহিছে। এনকাউন্টাৰৰ ফলত ঘূনীয়া হৈ পৰিছে বহু যুৱক।

আৰক্ষীৰ এই এনকাউন্টাৰ চলিছে মুস্তিমেয় কেইটামান অপৰাধৰ বিৰুদ্ধেহে। এতিয়াও কিন্তু অপৰাধ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। অইন নালাগে, মহানগৰীতে চিলনী চোৰৰ উপদ্ৰৱ কম কৰিব পৰা নাই আৰক্ষীয়ে।

দিন ডকাইতি, দিন দুপৰতে হত্যাকাণ্ড আদি ঘটনা ঘটিয়েই আছে।বাইক চোৰ, চিলনী চোৰ আজিকালি যেন সৰু ঘটনা। তথাপিও এনেবোৰ ঘটনা ৰোধ কৰিব পৰা নাই আৰক্ষীয়ে। পৰিস্থিতি এনে হৈছে যে, আৰক্ষীৰ শীৰ্ষ বিষয়াৰ মোবাইলো চিলনী চোৰে লৈ যায়।

আৰক্ষীয়ে কেৱল জিম্মাৰ পৰা পলায়ন কৰা অভিযুক্তৰ ওপৰত গুলী ফুটাই সন্তুষ্টি লভিছে। ঘটনাত কোনো নতুনত্ব নাই। অভিযুক্তই আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰে বা আৰক্ষী বিষয়াক আক্ৰমণ, আৰু তাৰপাছতে এনকাউন্টাৰ।

বিভিন্নজনে ন্যায়ৰ আশাক ককবকাই আছে। কিছুমানৰ ন্যায় লাভৰ পথ মুকলি হোৱাৰ পাছতো আৰক্ষীৰ ব্যৰ্থতাৰ বাবে এয়া সফল হোৱা নাই। বন্দনা কলিতাৰ কথাই উল্লেখ পাৰি। দুটাকৈ পৰিকল্পিত হত্যাকাণ্ড সংঘটিত কৰা বন্দনা কলিতা এতিয়া মুকলি আকাশৰ তলত। কেৱল মাত্ৰ আৰক্ষীৰ ব্যৰ্থতাৰ বাবে ন্যায় নাপালে পিড়ীতই।

আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং আৰু আলফা(স্বা) নামি পৰিছে বাক-যুদ্ধত। ইয়াৰ ফল যেন এতিয়া ভুগিছে জনতাই। এজনে দিছে আনজনৰ প্ৰত্যুত্তৰ। এই সকলোবোৰৰ মাজত জি পি সিঙে আৰম্ভ কৰিছে আলফা(স্বাঃ)ৰ বিৰুদ্ধে অভিযান। এই অভিযানত গ্ৰেপ্তাৰ হৈছে এজনৰ পাছত আনজন সন্দেহযুক্ত আলফা(স্বা) সদস্য। সেই সন্দহতে মৃত্যুক সাৱতি ল'লে দীপাংকৰে।

আলফা(স্বাঃ)য়ে বিবৃতি প্ৰকাশ কৰি কৈছিল যে গ্ৰেপ্তাৰ হোৱা যুৱকৰ সংগঠনটোৰ লগত কোনো সম্পৰ্ক নাই। কিন্তু মৃত্যু ঘটিল দীপাংকৰৰ। প্ৰাণ গ'ল নিৰীহ যুৱকৰ।

আশা! তদন্ত হ'ব, সঁচা কথা ওলাই পৰিব। কিন্তু কম নহয় অসম আৰক্ষীৰ ওপৰত প্ৰশ্ন। এয়া আচলতে হৈ আছে কি আৰক্ষী বিভাগটোত? এজনৰ পাছত আনজন যুৱকক এনকাউন্টাৰ কৰি কি বুজাব বিচাৰিছে বিভাগটোয়ে?

নিশা হ'লেই ৰাজপথত সুৰাপায়ীৰ বিৰুদ্ধে অভিযান, এনকাউন্টাৰতেই সীমাবদ্ধ নেকি আৰক্ষীৰ দায়িত্ব? নে সন্দেহৰ ভিত্তিত বা হেঁচা প্ৰয়োগ কৰি আলফা(স্বা) সজাই কৰি যাব এনকাউন্টাৰ?

এতিয়া প্ৰশ্ন হয়, দীপাংকৰ গগৈৰ পৰিয়ালৰ দায়িত্ব কোনে ল'ব? দীপাংকৰৰ মাতৃয়ে কৈছে , বাইক বিক্ৰী কৰি দীপাংকৰে তেওঁৰ চিকিৎসা কৰিছিল। পিতৃক খেতিৰ কামত সহায় কৰিছিল। সেই পৰিয়ালটোৰ কি হ'ব এতিয়া ?

জাতি মাটিৰ হকে কাম কৰা চৰকাৰখনে কি ব্যৱস্থা ল'ব এই সকলোবোৰৰ বিৰুদ্ধে? এয়া যেন আত্মহত্যা নহয়! উদ্দেশ্যপ্ৰণোদিতভাৱে এজন লোকক মানসিক, শাৰীৰিকভাৱে অত্যাচাৰ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়া এটা আনুষ্ঠানিক প্ৰক্ৰিয়া।

অসমৰ ইতিহাসৰ পৃষ্ঠাত বহু ক'লা অধ্যায় আছে। আলফা(স্বা) সদস্য হোৱাৰ সন্দেহত কিমান পৰিয়াল শেষ হৈছে তাৰ সাক্ষী আছে অসমীয়া। এনে দিন আৰু কেতিয়াও নাহক।

উপযুক্ত তদন্ত হ'ব লাগে দীপাংকৰ ঘটনাৰ। ন্যায় পাব লাগে দীপাংকৰৰ পৰিয়ালে। যদি এনে নহয়, মানুহে পুনৰ মানুহ হেৰুৱাব। অসমতে নীৰিহ অসমীয়াৰ প্ৰাণ যাব।

আৰু কিমান অসমীয়াই প্ৰাণ হেৰুৱাব?
বক্সিং ডে' টেষ্ট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in