/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a36b0bab-ee77-407d-b3ea-f6229d08b764/FG.jpg)
ডিজিটেল ডেস্কঃ বিগবছ অটিটি-২ ৰ বিজেতা এলভিছ যাদৱৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। যাদৱৰ বিৰুদ্ধে ৰেভ পাৰ্টি আৰু সাপৰ বিহৰ চোৰাং ব্যৱসায় কৰাৰ অভিযোগ উত্থাপন হৈছে। শুকুৰবাৰে আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।
নয়ডা আৰক্ষী আৰু বন বিভাগৰ এটা দলে ৫ টা সাপৰ বিহৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকৰ পৰা ৫ টা ফেটী সাপ, অন্যান্য সাপ আৰু কিছুমান বিষাক্ত পদাৰ্থ উদ্ধাৰ কৰিছিল। তেওঁলোকে কৈছিল যে এলভিছ যাদৱক তেওঁলোকে সাপৰ বিহৰ যোগান ধৰে।
বিষয়টো বিজেপি সাংসদ মনেকা গান্ধীৰ সৈতে সম্পৰ্কিত সংগঠন পিএফএ-য়ে এটা ষ্টিং অপাৰেচনৰ জৰিয়তে বাহিৰলৈ আনিছিল আৰু পৰৱৰ্তী সময়ত আৰক্ষীক জনাইছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছিল।
গ্ৰেপ্তাৰ হোৱা ৫ জনলোকে কোৱা অনুসৰি তেওঁলোকে ৰেভ পাৰ্টীত সাপৰ বিহৰ যোগান ধৰিছিল। এই দলটোত এলভিছ যাদৱো জড়িত আছে বুলি তেওঁলোকে জনায়। ইয়াৰোপৰি তেওঁলোকে বিদেশী যুৱতীও যোগান ধৰে বুলি জানিব পৰা গৈছে।
গ্ৰেপ্তাৰ কৰা পাঁচজনৰ তালিকাত আছে ৰাহুল, তিতুনাথ, জয়কৰণ, নাৰায়ণ আৰু ৰবিনাথ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/1d5b95d7-27a8-4eb4-8086-e34bf63bed42/4qqm0nk8_elvish_yadav_fir_625x300_03_November_23.webp)
উল্লেখ্য যে, সাপৰ বিহ একাংশই নিচা হিচাপে ব্যৱহাৰ কৰে। এই নিচা প্ৰায় ৫-৬ দিনলৈ থাকে। বহুতে এই নিচা কৰাৰ পাছত মৃত্যুকো সাৱতি লয়।
Also Read: মহানগৰীৰ গান্ধীবস্তিত দিন দুপৰতে মোবাইল চুৰি, লগতে লুটি নিলে অন্যান্য সা-সামগ্ৰী