ব্যক্তি মৃত্যুৰ ঘটনাঃ আনন্দ মহিন্দ্ৰাৰ বিৰুদ্ধে গোচৰ ৰুজু

ব্যক্তি মৃত্যুৰ ঘটনাঃ আনন্দ মহিন্দ্ৰাৰ বিৰুদ্ধে গোচৰ ৰুজু

ডিজিটেল ডেস্কঃ মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল। কানপুৰ আদালতৰ নিৰ্দেশৰ পাছতে এই এজাহাৰ দাখিল কৰা হয়। এই ঘটনাটো এজন ব্যক্তিৰ লগত জড়িত।

আনন্দ মহিন্দ্ৰাৰ উপৰিও এজাহাৰখনত মহিন্দ্ৰা গ্ৰুপৰ কোম্পানী টেক মহিন্দ্ৰাৰ পৰিচালনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া চিপি গুৰনানিকে ধৰি আৰু ১১ জন লোকৰ নাম উল্লেখ কৰা হৈছে। বিকিউ প্ৰাইমে এই বিষয়টো সন্দৰ্ভত কোম্পানীলৈ ইয়াৰ প্ৰশ্ন প্ৰেৰণ কৰিছে। অৱশ্যে কোম্পানীৰ ফালৰ পৰা এতিয়ালৈকে কোনো উত্তৰ দিয়া নাই।

উত্তৰ প্ৰদেশৰ বাসিন্দা ৰাজেশ মিশ্ৰাই অভিযোগ কৰিছে যে তেওঁৰ পুত্ৰৰ মহিন্দ্ৰা স্কৰ্পিঅ'ত এয়াৰবেগ নাছিল। যাৰ বাবে তেওঁৰ পুত্ৰৰ দুৰ্ঘটনাত মৃত্যু হয়। ৰাজেশ মিশ্ৰাই ২০২০ চনৰ ডিচেম্বৰত তেওঁৰ পুত্ৰ অপূৰ্ব মিশ্ৰক ১৭.৪ লাখ টকাৰ গাড়ীখন উপহাৰ দিছিল।

২০২২ চনৰ ১৪ জানুৱাৰীত অপূৰ্ব লক্ষ্ণৌৰ পৰা কানপুৰলৈ আহি আছিল আৰু তেতিয়াই এক দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়। সেই সময়ত ৰাস্তাত কুৱলী আছিল বাবে এই দুৰ্ঘটনা হৈছিল। আৰক্ষীয়ে স্পষ্ট কৰিছে যে অপূৰ্ব আৰু তেওঁৰ বন্ধু সকলে ছীট বেল্ট পৰিধান কৰিছিল। ইয়াৰ পাছতে অপূৰ্বৰ পিতৃয়ে কয় যে গাড়ীখনত এয়াৰ বেগ নাছিল যাৰ বাবে তেওঁৰ পুত্ৰৰ মৃত্যু হয়।

যাৰ বাবে এজাহাৰ দাখিল কৰিছিল তেওঁ। তাৰ পাছতে শনিবাৰে কানপুৰ আদালতে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে।

ব্যক্তি মৃত্যুৰ ঘটনাঃ আনন্দ মহিন্দ্ৰাৰ বিৰুদ্ধে গোচৰ ৰুজু
অক্টোবৰ মাহৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in