অক্টোবৰ মাহৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান...

অক্টোবৰ মাহৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান...

ডিজিটেল ডেস্কঃ পৰ্যটক সকলৰ বাবে ভাল খবৰ। দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান।মানাহৰ ক্ষেত্র সঞ্চালক ৰাজেন চৌধুৰীয়ে জনাই এই কথা।

তেওঁ জনোৱা অনুসৰি ১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানাহ ৰাষ্ট্রীয় উদ্যান। ২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে মুকলি হ’ব ৰাষ্ট্রীয় উদ্যানখন। ইয়াৰ বাবে বাঁহবাৰী ৰেঞ্জত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ।

বাৰিষাৰ বাবে ৫ জুনৰ পৰা বন্ধ আছিল ৰাষ্ট্রীয় উদ্যানখন। বেকী নৈৰ বাঢ়ি অহা পানী কম হোৱাৰ বাবে উদ্যানখন সুস্থিৰ অৱস্থালৈ ঘূৰি আহিছে। যাৰ বাবে অক্টোবৰৰ পৰা দেশী-বিদেশী পৰ্যটকে ভ্ৰমণ কৰিব পাৰিব মানাহ ৰাষ্ট্ৰীয় উদ্যান।

অক্টোবৰ মাহৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান...
মঙলদৈত গাঞ্জাসহ ৩ জন আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in