ষষ্ঠবাৰৰ বাবে সদনত বিত্ত মন্ত্ৰীৰ বাজেট দাখিল : পুনৰ ৩কোটি মহিলাক লাখপতি বাইদেউৰ লক্ষ্য

দেশত ৩খন ৰে'ল কৰিড'ৰ নিৰ্মাণ কৰা হ'ব। ১১.৮ কোটি কৃষকলৈ প্ৰদান কৰিব চৰকাৰী সাহাৰ্য।
ষষ্ঠবাৰৰ বাবে সদনত বিত্ত মন্ত্ৰীৰ বাজেট দাখিল : পুনৰ ৩কোটি মহিলাক লাখপতি বাইদেউৰ লক্ষ্য

ডিজিটেল ডেস্ক : আজি সংসদত দাখিল কৰা হ'ল কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্ৱৰ্তীকালীন বাজেট। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে কেন্দ্ৰীয় বাজেট। বৃহস্পতিবাৰে পুৱা ১১-০০ বজাত সংসদত ষষ্ঠবাৰৰ বাবে বাজেট দাখিল কৰিলে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে।

মোডী চৰকাৰৰ অন্তিমখন বাজেট অনুসৰি দেশত ৩খন ৰে'ল কৰিড'ৰ নিৰ্মাণ কৰা হ'ব। ১১.৮ কোটি কৃষকলৈ প্ৰদান কৰিব চৰকাৰী সাহাৰ্য। ৭খন নতুন আই আই টি আৰু সমসংখ্যক আই এম স্থাপন কৰাৰ কথা উল্লেখ কৰে।

ইয়াৰোপৰি দেশত ১৫খন নতুন এইমছ স্থাপনৰ লগতে ৩৯০খন নতুন বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব। ৩হাজাৰ নতুন আই টি আই নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে জানিবলৈ দিয়ে যে, ৫বছৰৰ ভিতৰত ২কোটি নতুন ঘৰ নিৰ্মাণৰ পৰিকল্পনা হাতত লোৱা হৈছে।

আনহাতে মাছমৰীয়াৰ বাবে গ্ৰহণ কৰা হ'ব নতুন আঁচনি। লাখপতি বাইদেউ আঁচনিৰ সফতাৰ পিচত পুনৰ ৩কোটি মহিলাক লাখপতি বাইদেউৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰোপৰি প্ৰতিমাহত ৩০০ ইউনিট বিদ্যুৎ বিনামূলীয়া কৰাৰ কথা বাজেটত উল্লেখ কৰে। দেশৰ প্ৰতি ঘৰ লোকৰ বাবে সকলোৰে বাবে বিদ্যুৎ,সকলোৰে বাবে গেছ আঁচনি গ্ৰহণ কৰা হৈছে।

ষষ্ঠবাৰৰ বাবে সদনত বিত্ত মন্ত্ৰীৰ বাজেট দাখিল : পুনৰ ৩কোটি মহিলাক লাখপতি বাইদেউৰ লক্ষ্য
বৰঝাৰত বীৰ ছহিদ লম্বোধৰ সিংহক সামৰিক মৰ্যাদা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in