/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/d16e931f-8530-419b-bd75-e484122a4f22/181.jpg)
ডিজিটেল ডেস্ক : ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত ছহিদ হোৱা চি আৰ পি এফৰ জোৱান তথা অসম সন্তান লাম্বোধৰ সিংহাৰ নশ্বৰদেহ বৃহস্পতিবাৰে পুৱাই মাতৃভূমি লৈ আনে। পুৱাই বিমানযোগে চেন্নাইৰ পৰা বৰঝাৰ বিমান বন্দৰত আহি পোৱাৰ লগে লগে বিমান বন্দৰতে বীৰ ছহিদ জোৱানজনক সামৰিক মৰ্যাদাৰে শ্ৰদ্ধা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/2166ebb0-2ab8-4e2c-84d9-fa5e7eba5276/423327577_931174865243452_5716131875188073557_n.jpg)
চি আৰ পি এফৰ উচ্চ পদস্ত বিষয়াৰ লগতে বি টি চি প্ৰধান প্ৰমোদ বড়োসহ বহু বিষয়াই জোৱানজনৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ পিছতে ছহিদ জিদি লম্বোধৰ সিংহৰ নশ্বৰদেহ নিজ গৃহ লৈ নিয়া হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/a2b4f2d3-c5ec-42e3-ad80-bec954420273/424811627_931174388576833_8059178857813632062_n.jpg)
উল্লেখ্য যে ছত্তীশগড় ৰাজ্যৰ মাওবাদী কবলিত এলেকা হিচাপে চিহ্ণিত চুকমা আৰু বিৰজাপুৰ সীমান্তত মাওবাদীৰ আক্ৰমণত ৩জন জোৱান নিহত হোৱাৰ লগতে ১৪জন জোৱান গুৰুতৰভাৱে আহত হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/6eed6f49-7356-45fd-9fd9-529bab36b749/424556762_931174921910113_3241234214738029461_n.jpg)
Also Read: আজি সংসদত বিত্ত মন্ত্ৰীয়ে দাখিল কৰিব অন্তৰ্ৱৰ্তীকালীন কেন্দ্ৰীয় বাজেট