আজি সংসদত বিত্ত মন্ত্ৰীয়ে দাখিল কৰিব অন্তৰ্ৱৰ্তীকালীন কেন্দ্ৰীয় বাজেট

১১-০০ বজাত সংসদত ষষ্ঠবাৰৰ বাবে বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
আজি সংসদত বিত্ত মন্ত্ৰীয়ে দাখিল কৰিব অন্তৰ্ৱৰ্তীকালীন কেন্দ্ৰীয় বাজেট

ডিজিটেল ডেস্ক : আজি সংসদত দাখিল হ'ব কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্ৱৰ্তীকালীন বাজেট। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব কেন্দ্ৰীয় বাজেট। বৃহস্পতিবাৰে পুৱা ১১-০০ বজাত সংসদত ষষ্ঠবাৰৰ বাবে বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে।

Advertisment

২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এই বাজেটে হ'ব নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ অন্তিমখন বাজেট। লোকসভা নিৰ্বাচনৰ পূৰ্বে দাখিল কৰিবলগীয়া এই বাজেটত কেতবোৰ বিশেষ পেকেজ ঘোষণাৰ সম্ভাৱনা আছে।

এই বাজেটত কি কি বিষয় সন্নবিষ্ট হ'ব তাকলৈ সাধাৰণ ৰাইজৰ মাজত উৎসুকতাই বিৰাজ কৰিছে। উল্লেখযোগ্য যে এই বাজেট ৪মাহৰ বাবে বলৱৎ হ'ব। ৪মাহৰ বাবে অত্যাৱশ্যকীয় সেৱা আৰু বিত্তীয় বৰ্ষৰ প্ৰথম কেইমাহৰ ব্যয় সামৰি লোৱাৰ বাবেই দাখিল কৰা হয় অন্তৰ্ৱৰ্তীকালীন কেন্দ্ৰীয় বাজেট।

Also Read: ৰে’লৰ খুন্দাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰৰ কৰুণ মৃত্যু : হত্যাৰ সন্দেহ পৰিয়ালৰ

nirmala sitharaman Budget 2024 parliament