ৰে’লৰ খুন্দাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰৰ কৰুণ মৃত্যু : হত্যাৰ সন্দেহ পৰিয়ালৰ

ছাত্ৰগৰাকীৰ পিতৃ অচ্যুৎ কলিতা আৰু মাতৃ কবিতা কলিতাই ৰে'লৰ খুন্দাত পুত্ৰ নিহত হোৱা ঘটনাক মানি ল'ব পৰা নাই
ৰে’লৰ খুন্দাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰৰ কৰুণ মৃত্যু : হত্যাৰ সন্দেহ পৰিয়ালৰ

ডিজিটেল ডেস্ক : বুধবাৰে সন্ধিয়া মহানগৰীৰ জালুকবাৰীত সংঘটিত হৈছে এক অনাকাঙ্খিত ঘটনা। ৰে’লৰ খুন্দাত জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰ নিহত হয়।

জানিব পৰামতে নিহত ছাত্রজনৰ নাম বৰ্ণিল কলিতা বুলি চিনাক্ত কৰা হৈছে। নিহত বৰ্ণিল কলিতা চিভিল ইঞ্জিনিয়াৰিঙৰ চতুৰ্থ ষান্মাসিকৰ ছাত্র বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বুধবাৰে সন্ধিয়া প্ৰায় ৬-০০ বজাত ছাত্ৰগৰাকীৰ মৃতদেহ তেতেলীয়া সমীপৰ ৰে'ল লাইনত উদ্ধাৰ কৰা হৈছিল। ইয়াৰ পিছতে স্থানীয় লোকে মৃতদেহটো এম্বুলেন্সযোগে গুৱাহাটীৰ এক্সেলকেয়াৰ হাস্পতাললৈ প্ৰেৰণ কৰে।

ইফালে নিহত বৰ্ণিল কলিতাৰ পৰিয়ালৰ অভিযোগ যে, ই এক হত্যাকাণ্ড। ছাত্ৰগৰাকীৰ পিতৃ অচ্যুৎ কলিতা আৰু মাতৃ কবিতা কলিতাই ৰে'লৰ খুন্দাত পুত্ৰ নিহত হোৱা ঘটনাক মানি ল'ব পৰা নাই। সেয়েহে পৰিয়ালৰ লোকে হত্যাকাণ্ডৰ সন্দেহত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে।

ৰে’লৰ খুন্দাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰৰ কৰুণ মৃত্যু : হত্যাৰ সন্দেহ পৰিয়ালৰ
সুৰা কেলেংকাৰীৰ গোচৰ : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ ই ডিৰ জাননী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in