ব'হাগ আহিল বৰদৈচিলা নাহিল, এইবাৰ যেন বিহুত বিঘিনি নজন্মাবলৈয়ে নাহিল বৰদৈচিলা

ব'হাগ আহিল বৰদৈচিলা নাহিল, এইবাৰ যেন বিহুত বিঘিনি নজন্মাবলৈয়ে নাহিল বৰদৈচিলা

ডিজিটেল ডেস্ক : ১৩ এপ্ৰিল,২০২৩ ৰ কথা, ডুবিব ধৰা সূৰ্যটোৰ সমান্তৰালকৈ মেঘে গাজনি মাৰিলে সমগ্ৰ অসমত একেলগে । শুকান হৈ থকা মনবোৰ লাহে লাহে জীপাল হৈ উঠিব ধৰিলে মেঘৰ গাজনিৰ সৈতে । এই গাজনি প্ৰায় ১৫ মিনিট ধৰি চলিল । যেন এতিয়াই হিলদোল ভাঙি মাকৰ ঘৰলৈ ঢপলিয়াই আহিব বৰদৈচিলা ।

আকাশ-পাতাল এক হৈ যোৱা এই মেঘৰ গাজনি কিন্তু আছিল প্ৰায় ৩০০০ ঢুলীয়াৰ হে । সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এই সকল ঢুলীয়াৰ সৈতে আছিল প্ৰায় ১১ হেজাৰ নাচনীও । পেপাৰ মাতত গছকত যতৰ ভাঙি অহা এজাক নাচনীয়ে ঢোলৰ ছেৱে ছেৱে বিহু নাচি গঢ়িলে বিশ্ব ৰেক'ৰ্ড ।

একেই দৃশ্য পাছদিনাও । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখত এইবাৰ নাচিলে এই সকল বিহুৱা-বিহুৱতীয়ে । ৩ হেজাৰ ঢোলৰ মাতত ১১ হেজাৰ নাচনীয়ে বিহু নচা দেখি মন প্ৰাণ জীপাল হৈ পৰিল বিহুপ্ৰেমী অসমীয়া ৰাইজৰ ।

একেই দৃশ্য সমগ্ৰ ব'হাগ মাহটোতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত । অতি সন্তৰ্পনে ব'হাগ আহিল ৰাজ্যলৈ । অত দিনে ধূলিত পোত খাই শুকাই যোৱা পাতবোৰৰ ঠাইত দেখা গ'ল কলপতীয়া বৰণৰ কুঁহিপাতবোৰ । দূৰৈৰ পৰা অৱস আবেলিবোৰত কুলিৰ মাত ভাঁহি আহিল । ৰুক্ষ দুপৰীয়াবোৰত এজাক কোমল বতাহে দেহ-মন চুই গ'ল মাতৃৰ আচলৰ বাৰ দৰে । ৰাইজে তৰ্কিব পৰাৰ আগতেই আমাৰ সৈতে অভ্যস্ত হৈ পৰিল লচপচী ব'হাগ ।

পূৰ্বৰ দৰেই ব'হাগৰ সৈতেই বিহুও আহিল যদিও এইবাৰ নাই বিগত বৰ্ষ কেইটাৰ দৰে মঞ্চ বিহু ধামখুমীয়া । এইবাৰ বিহু আহিল পথাৰত, গছৰ তলত আৰু ৰাইজৰ মাজত ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা অনুসৰি, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক বিহুৱা-বিহুৱতীয়ে দিনে-নিশাই অনুশীলন কৰিলে বিহুৰ ।মঞ্চ বিহুৰ বৃদ্ধি পাই অহা গুৰুত্বৰ মাজত যেন আকৌ জীৱন্ত হৈ পৰিল হেৰাই যাবলৈ ধৰা এটি পৰম্পৰা, এটি সংস্কৃতি ।

পুনৰ ডেকা-গাভৰুৰ মাজলৈ উভতি আহিল অতদিনে ৰাজনৈতিক, ব্যৱসায়িক সুবিধাবাদী এচামৰ পৃষ্ঠপোষকতাত বিহুৰ সলনি সাংস্কৃতিক সন্ধিয়ালৈ ৰূপান্তৰিত হোৱা বিহুৱে ।

ক'ৰ'বাত ক'ৰ'বাত ৰাইজে অভিযোগ কৰিলে, ১১ হেজাৰ নাচনীৰ বাবে কপৌফুল বিচাৰি পৰ্বত পাহাৰ তহিলং কৰিলে এচামে বুলি । কিন্তু ইয়াৰ সৈতেই গঢ় লৈ উঠিল সম্ভাৱনাৰ আন এক পাহাৰ । কাজিৰঙাৰ অৰ্কিড উদ্যানৰ দৰেই জানো ব্যৱসায়িক ভিত্তিত ৰাজ্যত গঢ়ি তুলিব নোৱাৰি অৰ্কি'ড উদ্যানসমূহ ? যি উদ্যানত বিভিন্ন উৎসৱ-পাৰ্ৱণ উপলক্ষে অৰ্কিড অথবা আন ফুলৰো খেতি কৰিব পৰা যাব ভৱিষ্যতে ।

একেদৰেই পাট-মুগাৰ মেখেলা চাদৰেও অধিক মাত্ৰাত সমাদৰ লাভ কৰিলে । যাৰ বাবে গঢ়ি তুলিব পৰা যায় আন এক বস্ত্ৰ নগৰী শুৱালকুছি । মুঠতে অফুৰণীয় সম্ভাৱনীয়তাৰ ভাণ্ডাৰ একোটা উৎসৱ, সঠিক পৰিকল্পনাৰ সৈতে ।

এই সকলোৰে মাজত ব'হাগ আহিল এক নতুন পোছাকত । এইবাৰ ব'হাগৰ সৈতে নাহিল বৰদৈচিলা । যেন কেইবা দশকৰ পাছত পুনৰ পূৰ্বৰ ৰূপলৈ উভতি যোৱা বিহুত বিঘিনি জন্মাই মাকৰ ঘৰলৈ উভতিব নিবিচাৰিলে বৰদৈচিলা ।

এই সকলোৰে মাজত ব'হাগ আহিল এক নতুন পোছাকত । এইবাৰ ব'হাগৰ সৈতে নাহিল বৰদৈচিলা । যেন কেইবা দশকৰ পাছত পুনৰ পূৰ্বৰ ৰূপলৈ উভতি যোৱা বিহুত বিঘিনি জন্মাই মাকৰ ঘৰলৈ উভতিব নিবিচাৰিলে বৰদৈচিলা ।

আনহাতে, চৰকাৰে চান্দা তুলি বিহু উদযাপনত বাধা দিয়াৰ বাবেও এইবাৰ নামী-দামী শিল্পীৰ হৈ নাথাকিল বিহু । পূৰ্বেও গাঁৱে-ভূঞে যিসকল বিহু উদযাপন সমিতিয়ে অৰ্থৰ অভাৱত এনে ধৰণৰ শিল্পীক নিমন্ত্ৰণ জনাবলৈ সক্ষম নহয় তেওঁলোকৰ বাবে যেন ম্লান পৰি ৰয় বিহু । তাৰ পৰিৱৰ্তে গুৱাহাটী মহানগৰীৰ বিহু সমূহতেই সীমাবদ্ধ হৈ ৰয় এনে শিল্পী সকলৰ পৰিৱেশন ।

এইবাৰ যেন তেনেকুৱা নহয় পৰিৱেশ । এইবাৰ বিহু উভতি গ'ল ডেকা-গাভৰুৰ বিহুৱা দলসমূহলৈ, কিশোৰ-কিশোৰীৰ হুচৰি দলসমূহলৈ । পুনৰ এবাৰ প্ৰকৃত ৰূপ উভতাই পালে বিহুৱে । এই বিহু সকলো বিতৰ্কৰ উৰ্ধত । কিয়নো ইয়‍াত নাই কোনো কৃত্ৰিমতা, তাৰ পৰিৱৰ্তে স্বত:স্ফুৰ্তভাৱে ৰাইজ ওলাই আহিল বিহুৰ সৈতে জড়িত পুৰনি পৰম্পৰাসমূহ আদৰিবলৈ ।

গোসাঁই বিহুৰ দিনা সত্ৰ-থান সমূহত দেখা গ'ল ভক্তপ্ৰাণ ৰাইজৰ ভীৰ । বটদ্ৰৱা থানত গোসাঁই বা দিয়া পৰম্পৰা ধৰি ৰাখিলে বাপসকলে । আনহাতে ননৈত ৮০ৰ উৰ্ধৰ ব্যক্তি সকলক সম্বৰ্ধনা জ্ঞাপন কৰিলে বাঁহীয়ে "ব'হাগ মাথো এটি ঋতু নহয়" শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে । এনেধৰণৰ ব্যতিক্ৰমী অনুষ্ঠানে পুনৰ এবাৰ বিহুক লৈ গ'ল ৰাইজৰ মাজলৈ ।

বিহু যে কোনো অনুষ্ঠান নহয় বৰং চহা ৰাইজৰ প্ৰাণৰ এটি উৎসৱ, সেই কথা প্ৰায় ৪ দশক পাছত এবাৰ বুজি উঠিল ৰাইজে । বিহু এনেদৰেই চিৰদিন ৰৈ যাওক চিৰবহ্নিমান বৰলুইতৰ দৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in