দিছিল বিশেষ প্ৰতিশ্ৰুতি! নাৰী শক্তিৰ আশীৰ্বাদ লৈ ৩ ৰাজ্যত বিজেপিৰ দপদপনি...

মাজত মাঁথো কেইটামান মুহুৰ্ত। ইতিমধ্যে স্পষ্ট হৈ পৰিছে ৰাজ্যৰ ৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। তেলেংগানা কংগ্ৰেছৰ হাতলৈ যোৱাৰ বিপৰীতে ৰাজস্থান, মধ্য প্ৰদেশ, চত্তিশগড়ত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব।

author-image
Asomiya Pratidin
New Update
দিছিল বিশেষ প্ৰতিশ্ৰুতি!  নাৰী শক্তিৰ আশীৰ্বাদ লৈ ৩ ৰাজ্যত বিজেপিৰ দপদপনি...

ডিজিটেল ডেস্কঃ মাজত মাঁথো কেইটামান মুহুৰ্ত। ইতিমধ্যে স্পষ্ট হৈ পৰিছে ৰাজ্যৰ ৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। তেলেংগানা কংগ্ৰেছৰ হাতলৈ যোৱাৰ বিপৰীতে ৰাজস্থান, মধ্য প্ৰদেশ, চত্তিশগড়ত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব।

Advertisment

৪ খন ৰাজ্যৰ ভিতৰত ৰাজস্থান আৰু চত্তিশগড়ত কংগ্ৰেছৰ শাসন আছিল। কিন্তু এতিয়া এই ৰাজ্য দুখনত বিজেপিয়ে সংখ্যা গৰিষ্ঠতা লাভ কৰিছে।

এই ৩ ৰাজ্যত বিজেপিৰ জয়ত নাৰী শক্তিয়ে যথেষ্ঠ সহায় কৰিছে বুলি ধাৰণা কৰা হৈছে। তথ্য অনুসৰি জানিব পৰা মতে ৩ খন ৰাজ্যতে যেতিয়া যথেষ্ঠ সংখ্যক মহিলাই ভোটদান কৰিছে তেতিয়াই শাসনাধিষ্ঠ দল সলনি হৈছে। ২০০৩,২০১৩ আৰু ২০১৮ চনত যথেষ্ঠ সংখ্যক মহিলাই ভোটদান কৰিছিল। যাৰ প্ৰভাৱ ফলাফলত পৰে।

তদুপৰি এইবাৰ বিজেপিয়ে মহিলা ভোটাৰৰ ওপৰত যথেষ্ঠ গুৰুত্ব দিছিল। যাৰ বাবে বিভিন্ন আঁচনিৰো ৰূপায়ন কৰিছিল বিজেপিয়ে।

মধ্য প্ৰদেশত বিজেপিয়ে ৩০ গৰাকী মহিলা প্ৰাৰ্থী, কংগ্ৰেছে ২৮ গৰাকী আৰু আপে ১০ গৰাকী মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। তদুপৰি মহিলাসকলক লৈ মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে নতুন আঁচনি আনিছিল। লাডলী বেহনা আঁচনিৰ অধীনত ১.৩১ কোটি মহিলাই ১২৫০ টকাকৈ লাভ কৰিছে। এই ধনৰ পৰিমাণ ৩০০০ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে।

বিজেপিয়ে এই নিৰ্বাচনত মহিলা ভোটাৰসকলৰ পৰা লাভান্বিত হৈছে। এইবাৰ ভোটাৰৰ সংখ্যা ২০১৮ তকৈ ২ শতাংশ বেছি আছিল। নিৰ্বাচন আয়োগৰ মতে, ২০১৮ চনত ৭৫.৬ শতাংশ আৰু ২০২৩ চনত ৭৭.২ শতাংশ ভোটদান নথিভুক্ত কৰা হৈছিল। আনহাতে মহিলাৰো প্ৰায় ৭৬ শতাংশই ভোট দিছে।

চত্তিশগড়তো একেই প্ৰায়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত মুঠ ২ কোটি ৩ লাখ ৯৩ হাজাৰ ১৬০ গৰাকী ভোটাৰ আছে। ইয়াৰে ১ কোটি ১লাথ ৩৫ হাজাৰ ৫৬১ গৰাকী পুৰুষ আৰু ১ কোটি ২ লাখ ৫৬ হাজাৰ ৮৪৬ গৰাকী মহিলা ভোটাৰ। আনহাতে ২০১৮ চনৰ তুলনাত ২০২৩ চনৰ নিৰ্বাচনত মহিলা ভোটদানৰ সংখ্যা ২ শতাংশ বেছি।

বিজেপিয়ে মহিলাসকলৰ বাবে দুটা আঁচনি ঘোষণা কৰিছিল। এটা আছিল 'মাহতাৰী বন্দন যোজনা'। ইয়াৰ অধীনত ৰাজ্যখনৰ প্ৰতিগৰাকী বিবাহিত মহিলাক বাৰ্ষিক ১২ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব।

ইয়াৰোপৰি 'ৰাণী দুৰ্গাৱতী যোজনা'ৰ অধীনত বিপিএল শ্ৰেণীৰ ছোৱালীৰ জন্মৰ ওপৰত ১ লাখ টকাৰ বিত্তীয় নিশ্চয়তা প্ৰমাণপত্ৰ জাৰী কৰা হ'ব।

ৰাজস্থানত জয়লাভ কৰাতো বিজেপিক সহায় কৰিছে মহিলাই। ৰাজ্যখনত কংগ্ৰেছে ২৮ গৰাকী, বিজেপিয়ে ২০ গৰাকী আৰু আম আদমী পাৰ্টীয়ে ১৯ গৰাকী মহিলা প্ৰাৰ্থীক আগবঢ়াইছিল।

বিজেপিয়ে 'লাডো ইনচেণ্টিভ আঁচনি' ঘোষণা কৰিছিল ৰাজ্যখনত। ইয়াৰ অধীনত সকলো দৰিদ্ৰ পৰিয়ালত ছোৱালীৰ জন্মত সহায়ৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। এগৰাকী ছোৱালীক পঢ়োৱাৰ পৰা আদি কৰি বিভিন্ন দিশত সহায়ৰ প্ৰতিশ্ৰুতি দিছিল। দৰিদ্ৰ পৰিয়ালৰ সকলো ছাত্ৰীক প্ৰাথমিক শিক্ষাৰ পৰা স্নাতকোত্তৰ লৈকে বিনামূলীয়া মানদণ্ডৰ শিক্ষাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। মেধাৱী শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া স্কুটি দিয়াৰ ঘোষণাও কৰিছিল।

Also Read: কংগ্ৰেছে নোৱাৰিলে! মোডীৰ কৰিশ্মা, শ্বাহৰ ৰণনীতিয়ে কাম দিলে মধ্যপ্ৰদেশত

bjp election congress