কংগ্ৰেছে নোৱাৰিলে! মোডীৰ কৰিশ্মা, শ্বাহৰ ৰণনীতিয়ে কাম দিলে মধ্যপ্ৰদেশত

ইতিমধ্যে ৩ খন ৰাজ্যত বিজেপিৰ জয় নিশ্চিত হৈছে যদিও তেলেংগানা কংগ্ৰেছৰ হাতলৈ যোৱাৰ বাট মুকলি হৈছে।

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছে নোৱাৰিলে! মোডীৰ কৰিশ্মা, শ্বাহৰ ৰণনীতিয়ে কাম দিলে মধ্যপ্ৰদেশত

ডিজিটেল ডেস্কঃ কিছু সময় পাছতেই ঘোষণা হ'ব ৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। ইতিমধ্যে ৩ খন ৰাজ্যত বিজেপিৰ জয় নিশ্চিত হৈছে যদিও তেলেংগানা কংগ্ৰেছৰ হাতলৈ যোৱাৰ বাট মুকলি হৈছে।

Advertisment

মধ্যপ্ৰদেশত ২৩০খন আসনৰ বাবে অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন। ইয়াৰে ৫৮ খনত বিজেপিয়ে জয় লাভ কৰাৰ লগতে ১০৫ খনত অগ্ৰগতি লাভ কৰি আছে। আনহাতে ১৫ খনত কংগ্ৰেছে জয় লাভ কৰাৰ বিপৰীতে ৪৮ খনত অগ্ৰগতি লাভ কৰি আছে। মধ্যপ্ৰদেশৰ ছবি প্ৰায় স্পষ্ট হৈ পৰিছে।

মধ্যপ্ৰদেশ বিজেপিৰ হাতলৈ যোৱাৰ আঁৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান বুলি ধৰা হৈছে। মোডীৰ কৰিশ্মা আৰু শ্বাহৰ ৰণনীতিয়ে কাম দিছে মধ্যপ্ৰদেশত। তাৰোপৰি শিৱৰাজ সিং চৌহানে চলিত বৰ্ষৰ ১০ জুনত আৰম্ভ কৰা লাডলী বহনা যোজনাও অন্যতম কাৰণ। এই আঁচনিখনৰ জৰিয়তে মহিলাসকলে প্ৰতি মাহে ১,২৫০ টকা লাভ কৰে।

লাডলি বেহনা যোজনাৰ অধীনত, ৰাজ্যখনৰ ২.৭২ কোটি মহিলা ভোটাৰৰ ভিতৰত, ১.৩১ কোটি মহিলাই বৰ্তমান প্ৰতি মাহে এই যোজনাৰ অধীনত ধন ৰাশি লাভ কৰে। এই ধনৰ পৰিমাণ বিজেপি শাসনলৈ আহিলে ৩০০০ হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে চৌহানে।

নিৰ্বাচনৰ দিন ঘোষণাৰ পিছত মোডীয়ে মধ্যপ্ৰদেশত ১৪ খন ৰাজহুৱা সভা সম্বোধন কৰাৰ লগতে এটা ৰোড শ্ব' অনুষ্ঠিত কৰে। বিজেপিয়ে মধ্য প্ৰদেশত ক্ষমতা বজাই ৰাখিবলৈ প্ৰধানমন্ত্ৰীৰ কৰিশ্মাই কাম দিয়া যেন ধাৰণা হয়।

আনহাতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কেইবাখনো সভা সম্বোধন কৰিছে। বিজেপিৰ 'চাণক্য' বুলি গণ্য কৰা শ্বাহেও ৰাজ্যখনত বিজেপিক জয় লাভ কৰাত যথেষ্ঠ সহায় কৰিছে। টিকট বিতৰণৰ পিছত অসন্তুষ্টি দূৰ কৰিবলৈ শ্বাহে মধ্য প্ৰদেশত ৩ দিন কটাইছিল। এইবোৰে দলৰ কৰ্মীসকলক উৎসাহিত কৰিছিল।

ছেপ্টেম্বৰ মাহত শ্বাহে নিৰ্বাচন ব্যৱস্থাপনা নিয়ন্ত্ৰণ কৰা আৰু ৰণনীতি প্ৰস্তুত কৰাৰ কামটো নিজৰ হাতলৈ আনিছিল। আৰু বহু সময়লৈকে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণা কৰা নাছিল।

শ্বাহে মধ্য প্ৰদেশৰ বাবে পৰিকল্পনা কৰোতে বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব দিছিল। ২০১৮ চনত বিজেপিয়ে সামান্য ভোটৰ ব্যাৱধানত পৰাজয় হৈছিল আৰু কমল নাথৰ নেতৃত্বত কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল। তাৰ প্ৰায় ১৫ মাহ পাছত প্ৰায় ২২ জন কংগ্ৰেছ বিধায়কে জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে বিজেপিত যোগদান কৰে আৰু ২৩ মাৰ্চ ২০২০ ত শিৱৰাজ সিং চৌহানৰ নেতৃত্বত মধ্য়প্ৰদেশৰ শাসন বিজেপিয়ে নিজৰ হাতলৈ আনে।

Also Read: বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ শৌচাগাৰৰ টেংকীত পেলাই দিছে: জয়ন্ত মল্ল

madhya pradesh naremdra modi amith shah bjp