/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/abbc0a6f-0fd8-4d34-90b2-24f19ceb15dd/klhhj.jpg)
ডিজিটেল ডেস্কঃ বদ অভ্যাসৰ বাবে পুত্ৰই হত্যাৰ বলি হ'ল পিতৃৰ হাতত। এই ঘটনা মহাৰাষ্ট্ৰৰ চোলাপুৰৰ। আৰক্ষীয়ে জনোৱা অনুসৰি পুত্ৰই বিদ্যালয়ত ছোৱালী জোকোৱা আৰু মোবাইলত অশ্লীল ভিডিঅ চোৱা বাবে পিতৃয়ে বিহ দি হত্যা কৰে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত পিতৃ বিজয় বট্টুক।
১৩ জানুৱাৰীত আৰক্ষীয়ে এজন কিশোৰ সন্ধানহীন হোৱাৰ খবৰ পাইছিল। পৰৱৰ্তী সময়ত কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰিছিল আৰু পিতৃ মাতৃয়ে সেয়া চিনাক্ত কৰিছিল।
তাৰ পাছতে আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল আৰু পৰিয়ালৰ লোকক সোধা পোচা কৰিছিল। পৰৱৰ্তী সময়ত পিতৃয়ে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছিল।
পিতৃৰ অভিযোগ অনুসৰি কিশোৰজনৰ পঢ়াত মন নাছিল। তেওঁ বিদ্যালয়ত ছোৱালী জোকাইছিল আৰু পিতৃৰ ফোনত অশ্লীল ভিডিঅ' চাইছিল। বিদ্যালয়ৰ পৰা বহু অভিযোগ আহিছিল। পিতৃ-মাতৃয়ে সঠিক পথত অনাৰ চেষ্টা কৰিছিল যদিও সেয়া হৈ উঠা নাছিল। অৱশেষত পিতৃয়ে হত্যা কৰিছিল কিশোৰজনক।
Also Read: কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন বিধায়ক জিতু গোস্বামীৰ