/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/918bc08c-b1fb-4f39-876a-2d48e94a161f/gh.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ বৃহস্পতিবাৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে পি এম শ্ৰী আঁচনিৰ অধীনত কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠাৰ আধাৰশিলা স্থাপন কৰে। লগতে সমগ্ৰ শিক্ষাৰ অধীনত কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়তে আন এটা শ্ৰেণী কোঠাৰ আধাৰশিলা স্থাপন কৰে।
সেই উপলক্ষে বিদ্যালয় ভৱনত অনুষ্ঠিত সভাত বিধায়ক গৰাকী উপস্থিত থাকি উল্লেখ কৰে যে মুখ্যমন্ত্ৰীৰ জন্ম দিনৰ লগত সংগতি ৰাখি 'উন্নয়নৰ এটা মাহ' শীৰ্ষক শ্লোগানেৰে বঢ়মপুৰ সমষ্টিৰ উন্নয়নৰ বাবে আজি ৭ টাকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়। সভাত অসমে উন্নয়নৰ ক্ষেত্ৰত এটা নতুন গতি পোৱা বুলি মন্তব্য কৰে।
উক্ত সভাত বিজেপিৰ কলিয়াবৰ জিলাৰ সভাপতি বাবুল বৰা, বামুনী মণ্ডল বিজেপিৰ সভাপতি অভিষেক সোম, অৱসৰপ্ৰাপ্ত অধ্যাপক জীতেন্দ্ৰনাথ হাজৰিকা, কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সন্ধ্যা বেজবৰা, কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি নৃপেন শৰ্মা,কে ধৰি বহু গণ্যমান্য লোক উপস্থিত থাকে।
Also Read: আজিৰ বাজেটখন এখন হতাশজনক, নিৰাশাজনক নতুনত্বহীন বাজেট: লুৰীণজ্যোতি গগৈ