জাতি বেলেগ! পিতৃয়ে হত্যা কৰিলে কন্যাক, আত্মহত্যা প্ৰেমিকৰ

জাতি বেলেগ! পিতৃয়ে হত্যা কৰিলে কন্যাক, আত্মহত্যা প্ৰেমিকৰ

ডিজিটেল ডেস্কঃ নৃশংস! নিজ পিতৃয়ে হত্যা কৰিলে ২০ বছৰীয়া কন্যাক।তাৰ পাছতে আত্মহত্যা কৰিলে যুৱতীগৰাকীৰ প্ৰেমিকে। এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ কোলাৰ গোল্ড ফিল্ডত।

ঘটনাৰ বিৱৰণী অনুসৰি কৃষ্ণমূৰ্তি নামৰ লোকজনে নিজ কন্যা কৃৰ্তিক ডিঙি চেপি হত্যা কৰে। যুৱতী গৰাকীৰ একে গাঁৱৰে ২৪ বছৰীয়া যুৱক গংগাধৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আৰু দুয়ো বিবাহ পাশত আৱদ্ধ হব বিচাৰিছিল। কিন্তু কৃৰ্তি আৰু গংগাধৰৰ জাতি বেলেগ আছিল। যাৰ বাবে পিতৃয়ে সমৰ্থন কৰা নাছিল সম্পৰ্কটো।

গংগাধৰক লৈ মঙলবাৰে পিতৃ আৰু কন্যাৰ মাজত কাজিয়া হৈছিল। কাজিয়া ইমানেই বেয়া স্তৰলৈ যায় যে কৃষ্ণমূৰ্তিয়ে কন্যাক ডিঙি চেপি হত্যা কৰে। তাৰ পাছত মৃতদেহটো ফেনত ওলোমাই দিয়ে।

কিন্তু আৰক্ষীৰ ঘটনা সন্দৰ্ভত সন্দেহ হয় আৰু গম পাই যে এয়া এক হত্যাকাণ্ড। আনহাতে প্ৰেয়সীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে গংগাধৰে ৰেলৰ আগত জাপ মাৰি আত্মহত্যা কৰে। ইতিমধ্যে আৰক্ষীয়ে কৃষ্ণমূৰ্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

জাতি বেলেগ! পিতৃয়ে হত্যা কৰিলে কন্যাক, আত্মহত্যা প্ৰেমিকৰ
ইণ্ডিয়া টুডে ৰেংকিঙত ১২২ তম স্থানত ফৰকাটিং মহাবিদ্যালয়

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in