ইণ্ডিয়া টুডে ৰেংকিঙত ১২২ তম স্থানত ফৰকাটিং মহাবিদ্যালয়

ইণ্ডিয়া টুডে ৰেংকিঙত ১২২ তম স্থানত ফৰকাটিং মহাবিদ্যালয়

ডিজিটেল সংবাদ, গোলাঘাটঃ দেশৰ আগশাৰী আলোচনী ইণ্ডিয়া টুডেৰ ২০২৩ বৰ্ষৰ সমীক্ষাত ফৰকাটিং মহাবিদ্যালয়ে ১২২ তম স্থানেৰে সমগ্ৰ অঞ্চলটোৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । যোৱা বৰ্ষৰ ১৩০ তম স্থানৰ বিপৰীতে এই বৰ্ষত মহাবিদ্যালয়খনৰ ৰেংকিং উন্নত হোৱাত মহাবিদ্যালয়খনৰ অধ্যক্ষ, শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী উৎফুল্লিত হৈছে ।

অসমৰ মহাবিদ্যালয়সমূহৰ ভিতৰত ফৰকাটিং মহাবিদ্যালয়ে এই বৰ্ষৰ বাবে শ্ৰেষ্ঠ ৰেঙ্ক পাবলৈ সক্ষম হৈছে ।উল্লেখযোগ্য যে মহাবিদ্যালয়খনে বিভিন্ন ক্ষেত্ৰত ধাৰাবাহিক ভাবে দেখুৱাই অহা সফলতাৰ স্বীকৃতি হিচাপে শেষতীয়াকৈ বিশ্ববিদ্যালয় অনুদান আয়োগে মহাবিদ্যালয়খনক স্বায়ত্ব শাসিত মহাবিদ্যালয় হিচাবে স্বীকৃতি প্ৰদান কৰিছে।

মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ অপূৰ্ব শইকীয়াই জনোৱা অনুসৰি এই নতুন ব্যৱস্থাৰ অধীনত চলিত শিক্ষা বৰ্ষৰ পৰা স্নাতক পৰ্যায়ত বিজ্ঞান শাখাৰ পাঁচটা বিষয়ত মেজৰ পাঠ্যক্ৰম আৰু অসমীয়া আৰু ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম প্ৰবৰ্তন কৰিবলৈ লোৱা হৈছে । অসম চৰকাৰে মহাবিদ্যালয়খনক প্ৰধানমন্ত্ৰীৰ কৌশল বিকাশ যোজনাৰ অধীনত স্কীল হাব হিচাবে চিহ্নিত কৰা হেতুকে দক্ষতা বিকাশৰ বিভিন্ন পাঠ্যক্ৰমো প্ৰবৰ্তন কৰা হ'ব ।

মহাবিদ্যালয়খনৰ বিভিন্ন সমস্যা সন্দৰ্ভত যোৱা ৯ জুন তাৰিখে ৰাজভবনত অনুষ্ঠিত হোৱা এখন সভাত অসমৰ মাননীয় ৰাজ্যপালৰ লগতে উচ্চ শিক্ষা বিভাগৰ বিষয় ববীয়া সকলক মহাবিদ্যালয়খনৰ মূল সমস্যা সমূহৰ লগতে ভবিষ্যত পৰিকল্পনা সন্দৰ্ভত অৱগত কৰোৱা হৈছে । এই ক্ষেত্ৰত মহাবিদ্যালয় খনে চৰকাৰৰ পৰা ইতিবাচক সঁহাৰি পাম বুলি আশা কৰিছে ।

ইণ্ডিয়া টুডে ৰেংকিঙত ১২২ তম স্থানত ফৰকাটিং মহাবিদ্যালয়
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো বুঢ়া আঙুলি চাপৰ পৌৰসভা আৰু গড়কাপ্তানী বিভাগৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in