তিনি কন্যাৰ ডিঙি কাটিলে পিতৃয়ে,পত্নীকো হত্যা কৰি নিজে ল'লে চৰম সিদ্ধান্ত

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে বিহাৰত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড।

author-image
Asomiya Pratidin
New Update
বিলাসীপাৰাৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত উদ্ধাৰ যুৱকৰ মৃতদেহ

তিনি কন্যাৰ ডিঙি কাটিলে পিতৃয়ে,পত্নীকো হত্যা কৰি নিজে ল'লে চৰম সিদ্ধান্ত

ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে বিহাৰত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। বিহাৰৰ খগড়িয়াৰ এখন গাঁৱত মুন্না যাদৱ নামৰ যুৱকজনে প্ৰথমে নিজৰ ৩ গৰাকীকৈ কন্যাৰ ডিঙি কাটে, আৰু পাছত পত্নীক হত্যা কৰে। ৪টাকৈ হত্যাকাণ্ড সংঘটিত কৰা মুন্নাই পৰৱৰ্তী সময়ত ফাঁচী লগাই আত্মহত্যা কৰে।

Advertisment

এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। অৱশ্যে কোনো মতে ৰক্ষা পৰে মুন্নাৰ দুই পুত্ৰ সন্তান। ঘটনাৰ সময়ত দুয়ো ছাঁদত শুই আছিল আৰু পিতৃৰ কাণ্ড দেখি দুয়ো পলাই গৈছিল।

উল্লেখ্য যে, মুন্নাই ইয়াৰ পূৰ্বেও কোনো অপৰাধ সংঘটিত কৰিছিল আৰু পলাতক আছিল। মঙলবাৰে নিশা তেওঁ ঘৰলৈ আহিছিল আৰু কোনো কথাত কাজিয়া লাগিছিল। ইয়াৰ পাছতেই ১৫ৰ পৰা ১৮ বছৰীয়া কন্যা তিনিগৰাকীক হত্যা কৰে। কেৱল ইমানতেই ক্ষান্ত নাথাকি পত্নীকো হত্যা কৰি নিজে আত্মহত্যা কৰে।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Also Read: বাঢ়নী পানীয়ে বুৰালে চমাৰাজানৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

crime bihar