বাঢ়নী পানীয়ে বুৰালে চমাৰাজানৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

আজি দুদিন ধৰি ধেমাজিৰ লগতে অৰুণাচলৰ পাহাৰত হৈ আছে মূষলধাৰ বৰষুণ।

author-image
Asomiya Pratidin
New Update
বাঢ়নী পানীয়ে বুৰালে চমাৰাজানৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

ডিজিটেল সংবাদ ,ধেমাজি : আজি দুদিন ধৰি ধেমাজিৰ লগতে অৰুণাচলৰ পাহাৰত হৈ আছে মূষলধাৰ বৰষুণ। যাৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা বাঢ়নী পানীয়ে বুধবাৰে বিয়লি ধেমাজি চমৰাজানৰ ভোজু গাওঁৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো জীয়াঢলৰ বাঢ়নী পানীয়ে বুৰাই পেলায় ৷

Advertisment

বাঢ়নী পানীয়ে ভোজু গাওঁ হেঁচুলি , কেঁকুৰী , চেচাসৰ , আমোলগুৰিকে ধৰি বহুকেইখন গাওঁৰ বিস্তীৰ্ণ অঞ্চল বানত বুৰ যোৱা লগতে অঞ্চলটোৰ বৃহৎ পৰিমানৰ কৃষি ভূমিও বুৰাই পেলাইছে ৷ ইয়াক লৈ চিন্তিত হৈ পৰিছে অঞ্চলবাসী।

Also Read: উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ যোৱা ভাৰতীয় যুৱতীক হত্যা...

flood