/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/1825b8f0-3ff3-432e-84a1-6c1612e3124d/fdfdfdf.jpg)
ডিজিটেল ডেস্কঃ কৃষকসকলে নিজৰ দাবী উত্থাপন কৰি প্ৰায় ১০ তকৈ অধিক দিন ধৰি শম্ভু সীমান্ততে আছে। কৃষক নেতাসকলে কৈছে যে তেওঁলোকৰ দাবী চৰকাৰে মানি নোলোৱা পৰ্যন্ত প্ৰতিবাদ কৰি থাকিব।
এই দাবী উত্থাপন কৰিয়েই সোমবাৰে প্ৰতিবাদকাৰী কৃষকে ট্ৰেক্টৰৰে দিল্লী চলো যাত্ৰা কৰিব। ভাৰতীয় কিষান ইউনিয়ন আৰু সংযুক্ত কিষান মৰ্চাৰ উদ্যোগত হ'বলগীয়া দিল্লী চলো যাত্ৰা যমুনা এক্সপ্ৰেছ হাইৱেৰ পৰা দিল্লী লৈ আগবাঢ়িব। কৃষকসকলে কৈছে যে তেওঁলোকৰ এই ট্ৰেক্টৰ যাত্ৰাত কাৰো একো ক্ষতি নহয়। শান্তি পূৰ্ণভাৱ এই যাত্ৰা কৰিব।
ট্ৰেক্টৰ ৰেলীক লৈ শনিবাৰে কৃষক সংগঠনৰ মাজত বৈঠকো অনুষ্ঠিত হয়। য'ত ট্ৰেক্টৰ কেতিয়া চলিব তাৰ সময় নিৰ্ধাৰণ কৰা হয়। সেই অনুসৰি আজি দিনৰ ১০ বজাৰ পৰা কৃষকসকলৰ এই যাত্ৰা আৰম্ভ হ'ব।
উল্লেখ্য যে আজি কৃষকসকলে WTO ত্যাগ দিৱসো পালন কৰিব। উল্লেখ্য যে ২৬ ফেব্ৰুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈ বিশ্ব ব্যৱসায়ী সংগঠন WTOৰ ১৩ সংখ্যক মন্ত্ৰীস্তৰীয় সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনৰো বিৰোধ কৰি আছে কৃষসকলে। সংযুক্ত কিষাণ মৰ্চাই দাবী তুলিছে যে কৃষিত WTO ৰ পৰা বাহিৰ ৰাখিব লাগে।
প্ৰতিবাদকাৰী কৃষকক বাধা দিবলৈ আৰক্ষী, নিৰাপত্তাৰক্ষীও যথেষ্ঠ সষ্টম হোৱা দেখা যায়। নয়ডা ট্ৰেফিক আৰক্ষীয়ে ট্ৰেফিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ঠ পদক্ষেপ লৈছে আৰু ৰাইজক যাতায়তৰ বাবে মেট্ৰ ব্যৱহাৰ কৰাৰ অনুৰোধ কৰিছে। আনহাতে ডাঙৰ বাহনৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে।
Also Read: ৰঙিয়াৰ ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল বিদ্যালয়, ব্যৱসায়ীক প্ৰতিষ্ঠান